কবি  :  অকবি (নীলিম কুমাৰৰ সমীপেষু) ✒️জুনমনি গগৈ    

কবি  :  অকবি
(নীলিম কুমাৰৰ সমীপেষু)

✒️জুনমনি গগৈ

 

আপুনি ক’লে
মই নামানিলোঁ
মই ক’লো
আপুনি নামানিলে
সেই বুলিয়েই আমি বেয়া পাম ইজনে সিজনক?

এইখন গণতন্ত্ৰ দেশ
আপোনাৰো জিভা আছে,মোৰো আছে জিভা
আপুনি জিভাৰ লেকাম ধৰিলে ,মই নধৰিলো
মই জিভাৰ লেকাম ধৰিলোঁ, আপুনি নধৰিলে
বচ্ বৰাবৰ…

আপোনাৰো দহো আঙুলি আছে
মোৰো আছে দহো আঙুলি
মাথোঁ সেই আঙুলিৰে কলম ধৰাৰ কিটিপ
আপোনাৰ যিদৰে আছে
হয়তো মোৰ নাই
জোখ-মাখৰ কায়দাত পাকৈত আপুনি
মই নহয়
অনুভৱৰ হাঁহি কান্দোনত মই পকা
আপুনি পকা হিচাপ নিকাচত

জীৱন জোখেৰে যদিও মই কেঁচুৱা
তথাপি মোৰো আছে হৃদয়
যেনেকৈ আছে আপোনাৰ

আপোনাৰ হৃদয়খন  এটি ৰিমটৰ দৰে
কিন্তু মোৰ হৃদয়খন এপাহ কাঁইটীয়া গোলাপ!

সেয়েহে হয়তো আপুনি কবি
আৰু মই অকবি…
তেনেকৈ আপুনি ক’লে
মই নামানিলোঁ
মই ক’লো
আপুনি নামানিলে
সেই বুলিয়েই আমি বেয়া পাম ইজনে সিজনক?

ঠিকনাঃ প্ৰধান শিক্ষয়িত্ৰী,
বাঁহবাৰী প্ৰাথমিক বিদ্যালয়
যোৰহাট, নকছাৰি

Be the first to comment

Leave a Reply

Your email address will not be published.


*