বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ তিনিদিনীয়া প্ৰধানাচাৰ্য সন্মিলনৰ সামৰণি

ইতিবাচক পৰিৱৰ্তনৰ বাবে প্ৰয়োজন সংস্কাৰ যুক্ত শিক্ষাৰ- অৱনীশ ভাটনাগৰ
গুৱাহাটীঃ বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ উদ্যোগত আয়োজিত দ্বাৰা হোজাই আয়োজিত ক্ষেত্ৰীয় প্ৰধানাচাৰ্য সন্মিলন আজি অন্ত পৰিছে। শিশু শিক্ষা সমিতি উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে গুৱাহাটী জু-ৰোডস্হিত প্ৰশান্ত পথৰ কাৰ্যালয়ত আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে উদ্বোধনী অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় সাধাৰণ সম্পাদক অবনীশ ভাটনগৰ। তেওঁ একবিংশ শতিকাৰ প্ৰধানাচাৰ্য বিষয়ত ভাষণ প্ৰদান কৰাৰ লগতে আন এটা কালাংশত পঞ্চপদী পাঠদান পদ্ধতি সম্পৰ্কে বক্তব্য ৰাখে৷ অখিল ভাৰতীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাৱে পূৰ্বোত্তৰ ভাৰতৰ জনজাতীয় শিক্ষাৰ স্থিতি সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভাষণ প্ৰদান কৰে। সীমান্ত অঞ্চল সন্দৰ্ভত ক্ষেত্ৰীয় সংগঠন মন্ত্ৰী ড০ পৱন তিৱাৰীয়ে দৃশ্য শ্ৰাব্য মাধ্যমৰ সহায়ত আলোকপাত কৰে। বিভিন্ন প্ৰদেশৰ কাৰ্যকৰ্তাসকলে বিদ্যালয়ৰ বিকাশ যাত্ৰা আৰু সামাজিক পৰিৱৰ্তন, সেৱা কাৰ্য আৰু উদ্ভাৱনীমূলক গতিবিধি সম্পৰ্কে পাৱাৰ পইণ্ট প্ৰদৰ্শনৰ মাধ্যমেৰে উপস্থাপন কৰে।

সন্মিলনত বিদ্যা ভাৰতীৰ ক্ষেত্ৰীয় অধ্যক্ষ ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক গংগা প্ৰসাদ প্ৰচাইন আৰু ক্ষেত্ৰীয় মন্ত্ৰী ড০ জগদীন্দ্ৰ ৰায় চৌধুৰীও উপস্থিত থাকে। সন্মিলনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উপাধ্যক্ষ ড০ ৰুক্ম গোহাঁইবৰুৱাই তেখেতৰ ভাষণত শিক্ষা ব্যৱস্থা, ৰাষ্ট্ৰীয় শিক্ষা নীতি, সামাজিক পৰিৱৰ্তনত শিক্ষকৰ ভূমিকা আৰু প্ৰধানাচাৰ্যৰ কৰ্তব্যৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। বিভাগ অনুসৰি প্ৰধানাচাৰ্যসকলৰ গোট বিভাজন কৰি বিদ্যালয়ৰ গুণগত মান উন্নীতকৰণৰ লগতে অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰে। বিখ্যাত শিল্পী, কবি আৰু চিন্তাবিদ বাবা সত্যনাৰায়ণ মৌৰ্যই পৰিৱেশ কৰা সাংস্কৃতিক অনুষ্ঠানত হাস্যৰস আৰু সংগীতৰ জৰিয়তে প্ৰধানাচাৰ্যসকলক তেওঁলোকৰ কৰ্তব্যৰ বিষয়ে সচেতন কৰি দিয়ে। ১৫ নবেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সন্মিলন খনৰ আজি দুপৰীয়া অন্ত পৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*