জালুকবাৰী● গুৱাহাটী বিশ্ববিদ্যালয় আৰু বালিপৰা ট্ৰেক্ট আৰু ফ্ৰন্টিয়াৰ ফাউণ্ডেশ্যনৰ মাজত ১৫ নৱেম্বৰত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত অনুষ্ঠানত ভাগ লৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ননী গোপাল মহন্তই এই বুজাবুজিৰ চুক্তিৰ উদ্দেশ্য আৰু লক্ষ্যৰ ওপৰত বাখ্যা দাঙি ধৰি আগন্তুক দিনত ইয়াৰ দ্বাৰা কিদৰে বিশ্ববিদ্যালয়খনৰ উন্নয়ন সাধন কৰিব পৰা যাব সেই সম্পৰ্কে আলোকপাত কৰে।
অনুষ্ঠানত ভাগ লৈ বালিপৰা ট্ৰেক্ট আৰু ফ্ৰন্টিয়াৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰে ভাষণত কয় যে, গুৱাহাটী বিশ্ববিদ্যালয় এক বিপ্লৱৰ প্ৰতিদান। গতিকে বিশ্ববিদ্যালয়খন উন্নয়নৰ দিশত ইতিবাচকভাৱে বিকশিত হোৱা উচিত। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ আৰু প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক দণ্ডধৰ শৰ্মাই এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ প্ৰক্ৰিয়া সম্পন্ন কৰে।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেবাটাও শৈক্ষিক বিভাগৰ অধ্যাপক , কেবাজনো বিষয়া, বালিপাৰা ট্ৰেক্ট ফ্ৰন্টিয়াৰ ফাউণ্ডেশ্যনৰ বহুকেইজন সদস্য উপস্থিত থাকে।
Leave a Reply