ৰাণীত পুনৰ বনৰীয়া হাতীৰ মৃত্যু

আজাৰাঃ গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অসম-মেঘালয় সীমান্তৰ ৰাণীৰ জয়পুৰত আজি পুৱা পুনৰ এটা বনৰীয়া হাতীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। জয়পুৰ গাঁওৰ ৰুপেন ৰাভা নামৰ এজন লোকৰ ঘৰৰ পিছফালে মৃত অৱস্থাত উদ্ধাৰ হয় প্ৰাপ্তবয়স্ক মতা হাতীতো। একাংশৰ মতে বিদ্যুৎপুষ্ট হৈ হাতীটোৰ মৃত্যু হৈছে।

জানিব পৰা মতে পুৱা প্ৰায় ৬ মান বজাত জয়পুৰ গাঁওৰ গাঁওবুঢ়াই বন বিভাগৰ শুকুৰবৰীয়া খণ্ড বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ খণ্ড বিষয়া দুলু মহন্তক মৃত অৱস্থাত হাতী এটা পৰি থকা বুলি অৱগত কৰে। তাৰ পাছত শুকুৰবৰীয়া খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ লগতে পৰৱৰ্তী সময়ত ৰাণী আঞ্চলিক বন বিষয়া ৰজী বৰ্মন, পূৱ কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক মনোৰঞ্জন বৰ্মন ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। পাছত বন বিভাগৰ অনুৰোধত ৰাণীৰ ৰাজ্যিক পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰীৰ নেতৃত্বত এটা পশু চিকিৎসাকৰ্মীৰ দল উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে।

প্ৰাথমিক তদন্তত পশু চিকিৎসকে হাতীটো বিদ্যুৎপুষ্ট হৈ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। কিয়নো হাতীটোৰ শুৰডালৰ এটা অংশ জ্বলি যোৱাৰ চিন পোৱা গৈছে। যিটো বিদ্যুৎপুষ্ট হলেহে সম্ভৱ হয়। সন্দেহ কৰা মতে নিশাৰ ভাগত খাদ্যৰ সন্ধানত অহা হাতীটো জাকৰ পৰা ফালৰি কাটি আহি এইদৰে বিদ্যুৎপুষ্ট হব পাৰে। কিয়নো বিগত কেইদিনমান আগতে তাৰ পৰা কিছু নিলগৰ কুলশী বনাঞ্চলৰ সমীপত এটা হাতীক বিদ্যুৎপুষ্ট কৰি কোনো লোকে নিধন কৰিছিল। এই সময়ত পথাৰত পকা শালি ধান খাবলৈ অহাৰ বাবেই একাংশ লোকে তেনেদৰে হাতী নিধন কৰা বুলি সৰ্বত্ৰে চৰ্চা চলিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*