✒️ নিৰ্মিতা বৰগোহাঁই
আমাৰ অসমৰ জাতীয় উৎসৱ বিহুৰ উপৰিও অতীজৰে পৰাই পালন কৰি আহিছোঁ নানান উৎসৱ পাৰ্বন। ঋতুৰ ৰাণী শৰতে কঢ়িয়াই লৈ আহে উৎসৱৰ আনন্দ। বিশ্বকৰ্মা পূজাৰ পৰা আৰম্ভ কৰি দুৰ্গাপূজা, লক্ষ্মীপূজা, কালিপূজাৰ পিছতেই ৰাসোৎসৱৰ আনন্দই সকলোৰে মন-প্ৰাণ জীপাল কৰি ৰাখে। ৰাসোৎসৱ মূলতঃ এটি ধৰ্মীয় উৎসৱ। য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন লীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়।
শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন।। (কীৰ্ত্তন)
মহাপুৰুষ শংকৰদেৱে ‘কীৰ্ত্তন’ পুথিত শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াৰ বিষয়ে মনোৰম কাহিনী উল্লেখ কৰি গৈছে। শৰতৰ স্নিগ্ধ পূৰ্ণিমা ৰাতি শ্ৰীকৃষ্ণৰ মধুৰ মুৰুলীৰ মূৰ্চনাত গোপীসকল বাউলী হৈ বৃন্দাবনত কৃষ্ণৰ সৈতে নৃত্য কৰে। শ্ৰীকৃষ্ণৰ সেই প্ৰেমলীলাই ৰাসোৎসৱৰ প্ৰকৃত বিষয়। ৰূপালী জোনাক নিশা শ্ৰীকৃষ্ণই ৰাসলীলা কৰাৰ মূল অৰ্থই হ’ল ভগৱান আৰু ভক্তৰ মহামিলন।
কৃষ্ণভক্ত গোপিনী সকলৰ মনোবাঞ্ছা পূৰণেই হ’ল ৰাসলীলাৰ প্ৰধান তাৎপৰ্য। পৰমাত্মাই হৈছে ভগৱান, আত্মাই হ’ল ভক্ত। এই ৰাস-ক্ৰীড়াতে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন ঘটে। জীৱাত্মা হ’ল গোপীগণ আৰু পৰমাত্মা একমাত্ৰ শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণ ঐশ্বৰিক শক্তিৰ গৰাকী আছিল। বৃন্দাবনত তেওঁ মনুষ্য ৰূপ ধাৰণ কৰি ভগৱানৰ মাহাত্ম্য প্ৰকাশেৰে ৰাসক্ৰীড়াত ষোল্ল শ গোপীৰ সৈতে নৃত্য কৰি প্ৰত্যেকৰে মনোবাঞ্ছা পূৰণ কৰিছিল। ৰাসলীলা প্ৰেম ভক্তি ৰসেৰে পৰিপূৰ্ণ। ভক্তি ৰসেৰে ভৰপূৰ বাবেই ‘ৰাস’ বুলি কোৱা হয়। ভগৱান আৰু ভক্তৰ যুগ-যুগান্তৰৰ মধুৰ সম্পৰ্কই ৰাসলীলাত পৰিস্ফুত। শ্ৰীকৃষ্ণৰ এই ৰাসলীলাৰ কাহিনী কিমান যে মধুৰ,আনন্দদায়ক কেৱল ভক্তপ্ৰাণেহে হৃদয়ত গভীৰ ভাবে উপলব্ধি কৰিব পাৰে। ৰাসলীলাৰ তাত্বিক দিশটো অতিকে মহান। ‘ৰসপূৰ্ণ’ অৰ্থাৎ তাত্বিক ৰসেৰে সমৃদ্ধ কথাবস্তুক ৰাসলীলাৰ মাধ্যমেৰে আত্মাৰ পৰা পৰমাত্মালৈ আৰু কাম প্ৰবৃত্তিসমূহক কলাত্মক ৰূপেৰে সজোৱা হয়।
শ্ৰীকৃষ্ণৰ সুমধুৰ মুৰুলী ধ্বনিত মতলীয়া হৈ গোপীসৱে ঘৰৰ কাম-বন এৰি সংসাৰৰ মোহ ত্যাগ কৰি শ্ৰীকৃষ্ণৰ চৰণত নিজকে সমৰ্পণ কৰে। ভগৱান শ্ৰীকৃষ্ণই গোপীসকলক নিজ নিজ গৃহলৈ উভতি গৈ সংসাৰ ধৰ্ম পালন কৰিবলৈ কয় যদিও গোপীসকল নিজৰ মতত অতল থাকে। গোপীসকলৰ প্ৰাণতকৈও প্ৰিয় ভগৱান শ্ৰীকৃষ্ণ। গোপীগণৰ শ্ৰীকৃষ্ণৰ প্ৰতি থকা গভীৰ ভক্তিভাৱ দেখি তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে শ্ৰীকৃষ্ণই ৰাস-ক্ৰীড়া কৰে। কৃষ্ণ আৰু গোপিনী অভিন্ন আত্মা স্বৰূপ।
গভীৰ ভক্তিভাৱেৰে গোপীসকলে মনত লৈ ফুৰিছিল শ্ৰীকৃষ্ণৰ পূৰ্ণ প্ৰতিচ্ছবি। গোপীসৱৰ হৃদয়ত অনবৰতে বাজি আছিল কানাইৰ সুমধুৰ বাঁহীৰ সুৰ। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্ত গোপিনীসকলৰ সেয়া আছিল কামগন্ধবিহীন পৱিত্ৰ প্ৰেম। মহাপুৰুষ শংকৰদেৱে ৰাসক্ৰীড়া সম্পৰ্কে কৈছে যে,ৰাসক্ৰীড়াত কামজয়ৰ পূৰ্ণ প্ৰকাশ ঘটিছে। ইয়াত কামনাক প্ৰাধান্য দিয়াৰ কোনো উল্লেখ নাই। গুৰুজনাৰ মতে, একান্ত মনে শুদ্ধ চিত্তেৰে ৰাস-ক্ৰীড়া শুনিব লাগে। তাৰ প্ৰকৃত আস্বাদন তেতিয়াহে পোৱা যায়।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দিনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে শৰত কালৰ পূৰ্ণিমা ৰাতি অসমৰ বিভিন্ন স্থানত ৰাসোৎসৱ অনুষ্ঠিত হৈ আহিছে। অৱশ্যে আধুনিকতাৰ পৰশত ৰাসোৎসৱৰ কিছু মহত্ব লোপ পাইছে। তথাপি ৰাসোৎসৱৰ মাধ্যমেৰে আধ্যাত্মিক ভাৱ ধাৰাৰ সৈতে আজিও একাত্ম হৈ আছে অসমীয়া ভক্তপ্ৰাণ ৰাইজ।
Leave a Reply