বৃহত্তৰ গুৱাহাটী শাখা লেখিকা সংস্থা, অসমৰ ৰূপালী জয়ন্তী বর্ষ উদযাপনৰ লগতে চতুৰ্দশ দ্বি-বাৰ্ষিক অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰে ৯ আৰু ১০ নৱেম্বৰত মথুৰানগৰ শংকৰ কৃষ্টিকেন্দ্ৰ নামঘৰত অনুষ্ঠিত হয়। সংস্থাৰ সভাপতি মহেশ্বৰী হাজৰিকা গগৈ আৰু সম্পাদক অৰুন্ধতী হাজৰিকাই এক বিবৃতি যোগে জানিবলৈ দিয়া মতে ৯ নৱেম্বৰৰ পুৱা ১০ বজাত শেষ কাৰ্যনিৰ্বাহকৰ বৈঠক , ১০:৩০ বজাত সম্পাদকৰ প্ৰতিবেদন পাঠ, দিনৰ ১১ বজাত বিষয় বাচনি সভা অনুষ্ঠিত হয় । বিষয় বাচনি সভাত পৰৱৰ্তী কাৰ্যকালৰ বাবে বৃহত্তৰ গুৱাহাটী লেখিকা সংস্থাৰ কাৰ্যকৰী সমিতিখন গঠন কৰি মচফিকা বেগমক সভাপতি, পমী গোস্বামীক কাৰ্যকৰী সভাপতি, মৃণালিনী ভূঞা, অৰুন্ধতী হাজৰিকা, ৰঞ্জুমণি গগৈ আৰু লাবণ্য বৰাক উপ-সভাপতি, ৰঞ্জুলা শৰ্মাক সম্পাদক, পৰী বৰদলৈ আৰু অনিমা বৰুৱাক সহ-সম্পাদক, ডঃ দিপালী ওজাক কোষাধ্যক্ষ , তৃষ্ণা হাজৰিকা পাটগিৰিক প্ৰচাৰ সম্পাদক আৰু অঞ্জলি ডেকা দাসক সাংস্কৃতিক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়।
আনহাতে ১০ নৱেম্বৰৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে বৃহত্তৰ গুৱাহাটী শাখা লেখিকা সংস্থা, অসমৰ সভাপতি মহেশ্বৰী হাজৰিকা গগৈয়ে । ইয়াৰ পিছত স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে উপদেষ্টা মঞ্জিৰা ৰাজখোৱা আৰু কাৰ্যকৰী সভাপতি মছফিকা বেগমে । পুৱা ১০ বজাত অনুষ্ঠিত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সাহিত্যিক মোহিনী গগৈয়ে । দিনৰ ১২:৩০ বজাত অনুষ্ঠিত মুকলি অধিৱেশন উদ্বোধন কৰে শিশু সাহিত্যিক তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে । সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে লেখিকা সংস্থা, অসমৰ প্ৰাক্তন সভাপতি মৃদুলা শৰ্মা আৰু লেখিকা সংস্থা, অসমৰ সভাপতি মামণি গগৈ বৰুৱা । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখিকা সংস্থা, অসমৰ সদস্য মঞ্জিৰা ৰাজখোৱা আৰু উপ-সভাপতি বিজয়া দেৱদাস ।
তদুপৰি নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে লেখিকা সংস্থা, অসমৰ প্ৰধান সম্পাদক অঞ্জলি ৰাজকুমাৰী । আনহাতে থিতাতে লিখা কবিতা প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰা হয় । সন্ধিয়ালৈ অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান । উল্লেখ্য যে থিতাতে লিখা কবিতা প্ৰতিযোগিতাত ক্ৰমে মুন গগৈ, ৰীতামণি বৰদলৈ আৰু অনিমা বৰুৱাই প্ৰথম তিনিগৰাকী শ্ৰেষ্ঠ বিজয়ীৰ সন্মান লাভ কৰে ।
Leave a Reply