31.3 C
Guwahati
Thursday, November 20, 2025
More

    শেহতীয়া আপডেটঃ

    এন এফ ৰে’লৱেৰ সদৰ কাৰ্যালয়ত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি কৰি আছে জ্যেষ্ঠ অভিযন্তাইঃ সংবাদ মেলত এন এফ ৰে’লৱেৰ এছ চি, এছ টি এম্প্লইজ এচোছিয়েশ্যনৰ অভিযোগ

    মালিগাঁওঃ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ত বি কে প্ৰসাদ নামৰ এজন জ্যেষ্ঠ অভিযন্তাই অনুসূচীত জাতিৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰি পদোন্নতি পৰ্যন্ত লাভ কৰিছে। বৰ্ত্তমান তেঁও সদৰ কাৰ্যালয়ত সাংমাণ্ডলিক বৈদ্যুতিক অভিযন্তাৰ দৰে গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আছে। কিন্তু তেঁও অনুসূচীত জাতিৰ লোক নহয় বুলি ২০১৭ চনতে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তই এন এফ ৰেলৱেৰ জ্যেষ্ঠ পাৰ্চনেল বিষয়াক পত্ৰ প্ৰেৰণ কৰাৰ পাছতো ভুৱা জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰাৰ অপৰাধত অভিযন্তা গৰাকীৰ বিৰুদ্ধে ৰেলৱেৰ উৰ্ধতম কৰ্তৃপক্ষই বিগত সাত বছৰ ধৰি কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ কৰা নাই। এই অভিযোগ কৰিছে নিখিল ভাৰত এছ চি, এছ টি ৰেলৱে এম্পলয়িজ এচোছিয়েশ্যনৰ এন এফ ৰেলৱে মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক তাৰিণী চৰণ দাসে।

    আজি মালিগাঁওৰ চেণ্ট্ৰেল গোটানগৰস্থিত এচোছিয়েশ্যনৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত ভাগ লৈ সাধাৰণ সম্পাদক তাৰিণী চৰণ দাসে এই গুৰুতৰ অভিযোগ কৰি কয় প্ৰসাদ উপাধিৰ অভিযন্তা গৰাকী প্ৰকৃততে অন্যান্য পাছপৰা সম্প্ৰদায়ৰ (অ বি চি)। কিন্তু পদোন্নতি লাভৰ বাবে তেঁও অ বি চি হোৱা স্বত্বেও অতি কৌশলৰে উজান বজাৰত থকা অনুসূচীত জাতি পৰিষদৰ কাৰ্যালয়ৰ পৰা তেওঁ জাতিগত প্ৰমাণ পত্ৰ দাখিল কৰি পদোন্নতি লাভ কৰে। তাৰ পাছত এচোছিয়েশ্যনে এই জালিয়াতিৰ বিষয়ে অৱগত হোৱাৰ পাছত তেওঁৰ বিৰূদ্ধে ২০১৭ চনত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক অভিযোগ দাখিল কৰা হয়। সেই অভিযোগৰ ভিত্তিত উপায়ুক্তৰ নিৰ্দেশত এজন অতিৰিক্ত উপায়ুক্তই তদন্ত কৰি তেঁও যে অনুসূচীত জাতিৰ লোক নহয় তাক নিশ্চিত কৰে। ইফালে এন এফ ৰেলৱে কৰ্তৃপক্ষই অনুসূচীত জাতি আৰু জনজাতিৰ কৰ্মচাৰী (এছ চি, আৰু এছ টি) সকলৰ প্ৰতি চৰম অৱহেলা কৰি আহিছে। এছ চি আৰু এছ টি কৰ্মচাৰী সকলৰ বেকলগ পদোন্নতিকে ধৰি তেঁওলোকে ভোগ কৰি অহা সমস্যা সমূহ সমাধানৰ বাবে বছৰেকত এন এফ ৰে’লৱেৰ মহা প্ৰবন্ধকৰ লগত এচোছিয়েশ্যনৰ কমেও দুখন অনানুষ্ঠানিক বৈঠক অনুষ্ঠিত হব লাগে।

    কিন্তু ২০২২ চনৰ ২৭ ছেপ্টেম্বৰত শেষবাৰৰ বাবে বৈঠক অনুষ্ঠিত হোৱাৰ পাছত বিগত দুটা বছৰ ধৰি মহা প্ৰবন্ধকৰ লগত এচোছিয়েশ্যনৰ কোনো ধৰণৰ বৈঠক অনুষ্ঠিত হোৱা নাই। যাৰ বাবে দুই শতাধিক বেকলগ পদত পদোন্নতিৰে পূৰণ কৰিব পৰা হোৱা নাই। উত্তৰ পূব মণ্ডলৰ এছ চি আৰু এছ টিৰ গ্ৰুপ চি আৰু ডি পদৰ চাকৰি প্রত্যাশী সকলৰ বাবে ২০০৩ চনতে এটা সুকীয়া নিয়োগ বাচনি কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতো আজি পৰ্যন্ত সেই সিদ্ধান্ত কাৰ্যকৰী কৰা হোৱা নাই। একেদৰে তিনিচুকীয়া সংমণ্ডলত কাম কৰি থকা দীপক বড়ো নামৰ এজন ট্ৰেক মেইনট্ৰেনাৰক উৰ্দ্ধতম কৰ্তৃপক্ষই কৰি অহা মানসিক নিৰ্যাতনৰ উদাহৰণ দাঙি ধৰি একাংশ উচ্চপদস্থ বিষয়াই অনাহকতে এছ চি আৰু এছ টি কৰ্মচাৰী সকলক হাৰাশাস্তি কৰি অহা বুলি তাৰিণী চৰণ দাসে অভিযোগ কৰে। সংবাদ মেলত ভাগ লৈ এচোছিয়েশ্যনৰ সভাপতি ৰিংকুমণি বৈশ্যই কয় অহা ২৫ আৰু ২৬ নৱেম্বৰত নাগপুৰত নিখিল ভাৰত এছ চি আৰু এছ টি ৰেলৱে এম্প্লইজ এচোছিয়েশ্যনৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া অধিবেশনত ভাগ লোৱাৰ বাবে এন এফ ৰে’লৱে মণ্ডলৰ পৰা এটা বৃহৎ সজাতি দল ৰাওনা হ’ব। আনহাতে সংবাদ মেলত এচোছিয়েশ্যনৰ অতিৰিক্ত সম্পাদক সৌমেন্দ্ৰ নাৰ্জাৰী আৰু সদৰ কাৰ্যালয়ৰ সাংমাণ্ডলিক সম্পাদক উদাং ৰাজা গয়াৰী উপস্থিত থাকে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds