◊পংকজ বেজবৰুৱা, টিহুঃ টিহুত পুনৰ ১৩ গৰাকী লোকৰ দেহত ক’ৰ’নাৰ অৱস্থিতি ধৰা পৰিছে। প্ৰাপ্ত তথ্যানুসৰি, ইয়াৰ ভিতৰত মাখিবাহাৰ এটি ৪ বছৰীয়া শিশুও আছে। ২৬ এপ্ৰিলত ১৩ গৰাকীক সামৰি টিহু মহকুমাত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ছল্লিছলৈ বৃদ্ধি পালে। আনহাতে, টিহু নগৰস্থিত ইউকো বেংকৰ বিষয়া এগৰাকী ক’ৰ’নাত আক্ৰান্ত হৈছে। বিষয়াগৰাকী গুৱাহাটীৰপৰা অহা–যোৱা কৰে। ২৫ এপ্ৰিলত স্বাস্থ্য বিভাগৰ লোকে পৰীক্ষা কৰোঁতে তেওঁৰ শৰীৰত ক’ৰ’নাৰ অৱস্থিতি গম পোৱা যায়। ইয়াৰ ফলত ২৬ এপ্ৰিলত দিনটোৰ বাবে বেংকটোৰ সকলো প্ৰকাৰৰ কাম–কাজ বন্ধ কৰা হয়। বেংকটোৰ শাখা প্ৰবন্ধক কংকন কুমাৰ বৰ্মনে জনোৱা মতে, আবেলি বিভাগীয় লোকে শাখাটোৰ ভিতৰ –বাহিৰ চেনিটাইজেচন কৰিছে আৰু ২৭ এপ্ৰিলৰপৰা বেংকৰ নিয়মীয়া কাম–কাজ পুনৰ চলিব।
Leave a Reply