গুৱাহাটী: মৃগনাভি সাহিত্য গোষ্ঠীৰ উদ্যোগত প্ৰকাশিত আলোচনীৰ সপ্তম সংখ্যাটো ১০ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত উন্মোচন কৰা হয়। এই উপলক্ষে মৃগনাভি সাহিত্য গোষ্ঠীৰ সম্পাদক দুলুমণি দেৱীয়ে আঁত ধৰা অনুষ্ঠানটোত আলোচনীখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই। ভাষণ প্ৰসংগত অতনু ভূঞাই ছাত্ৰাৱস্থাত ৰহস্য, বিস্ময়কে ধৰি নিজে পঢ়া বিভিন্ন আলোচনীৰ স্মৃতি ৰোমন্থন কৰি বৰ্ত্তমান ডিজিটেল যুগত বিভিন্ন কাৰণত মানুহে আলোচনী পঢ়িবলৈ বাদ দিয়া কথাটোত আক্ষেপ প্ৰকাশ কৰে।
আনহাতে মৃগনাভি সাহিত্য গোষ্ঠীৰ কৰ্মকৰ্তা অলি বৰুৱাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে গোষ্ঠীৰ সভাপতি শোভন কুমাৰ মেধিয়ে । অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ বিকাশ বৰুৱা, ডঃ মঞ্জু দত্ত, দিলীপ কুমাৰ ডেকাকে ধৰি সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত সাহিত্য – সংস্কৃতিৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়াই অহা কেবাজনো ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।
Leave a Reply Cancel reply