মালিগাঁওঃ মালিগাঁও বৰিপাৰাস্থিত ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষই সময়মতে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকে ধৰি বিভিন্ন দাবী মানি নোলোৱাৰ প্ৰতিবাদত আজি কলেজ চৌহদত একাংশ শিক্ষাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।
কাৰ্যসূচীত ভাগ লোৱা শিক্ষাৰ্থী সকলে কলেজৰ অধ্যক্ষই ছাত্ৰ একতা সভাৰ নিৰ্বাচন সময়মতে অনুষ্ঠিত নকৰি তাৰ বিপৰীতে অধ্যক্ষই বাচনি কৰা ছাত্ৰ-ছাত্ৰীক লৈ ছাত্ৰ একতা সভা গঠন কৰাৰ বাবে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি কোনো কাৰণতে ইয়াক মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে। একেদৰে ছাত্ৰী জিৰণি কোঠাত চি চি টি ভি কেমেৰা সংস্থাপন নকৰাৰ বাবেও কৰিলে প্ৰতিবাদী শিক্ষাৰ্থী সকলে অধ্যক্ষক জবাবদিহি কৰে।
Leave a Reply Cancel reply