31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    উপ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি

    অসমৰ ৫ টা বিধানসভা সমষ্টি ক্ৰমে ধলাই, বঙাইগাঁও ,চিদলী, বিহালী আৰু চামগুৰি উপনিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি পৰিল৷ আটাইকেইটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰতি সৰ্বসাধাৰণ ভোটাৰ ৰাইজৰ স্বতঃস্ফূৰ্ত উৎসাহ আৰু সমৰ্থনে ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সুনিশ্চিত কৰি তুলিছে। যোৱা দিনকেইটাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা সমন্বিতে মন্ত্ৰী. বিধায়ক, সাংসদ সকলৰ লগতে কাৰ্যকৰ্তা সকলে চলোৱা নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ ব্যাপক সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজহুৱা বিশাল সভা, পদযাত্ৰা, ঘৰে ঘৰে প্ৰচাৰ আদি সকলো কাৰ্যসূচীত ভোটাৰ ৰাইজৰ সহাৰি আছিল উৎসাহজনক। বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা আস্থা আৰু বিশ্বাসৰ লগতে চৰকাৰৰ কাম-কাজৰ প্ৰতি থকা সমৰ্থনৰ বাবেই ভোটাৰ ৰাইজে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ সমৰ্থনত ওলাই অহা পৰিলক্ষিত হোৱা বুলি সমৰ্থকসকলে জানিবলৈ দিছে।
    পূৰ্বৰ কংগ্ৰেছ চৰকাৰ সমূহে বৰাক উপত্যকাৰ প্ৰতি কৰি অহা অৱহেলাৰ বিপৰীতে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপৰ বাবে আজি ধলাইৰ দৰে সমষ্টিত বিজেপি দল অপ্ৰতিৰোধ্য হৈ পৰিছে ৷ চামগুৰিত ২৪ বছৰীয়া জংঘলৰাজৰ অৱসান হব বুলি ভীতিগ্ৰস্ত হৈ কংগ্ৰেছে হিংসাত্মক কাৰ্যকলাপ আৰম্ভ কৰি দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোকে ভেঙুচালি কৰিবলৈ লৈছে। কংগ্ৰেছ দলৰ এই গৰ্হিত কাৰ্য আৰু ভোটাৰ ৰাইজক দীৰ্ঘদিনধৰি কৰি অহা নিৰ্যাতন-উৎপীড়নৰ বিৰুদ্ধে চামগুৰিৰ ৰাইজ একত্ৰিত হোৱা দেখা গৈছে। এটা সময়ত এটা ৰাজহ চক্ৰও নথকা বিহালী সমষ্টিক সম-জিলাৰ মৰ্য্যদা দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰশাসনক ৰাইজৰ ওচৰলৈ অনা পদক্ষেপৰ বাবে বিহালীৰ উন্নয়ন অধিত তীব্ৰতৰ হব বুলি বিহালীৰ সাধাৰণ ভোটাৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। তেনেকৈ বঙাইগাঁওত যোৱা তিনিটা বছৰৰ অধিক সময় ৰাজ্যৰ বিজেপি চৰকাৰে আগবঢ়াই নিয়া উন্নয়নমূলক কাম-কাজত ভোটাৰ ৰাইজ সন্তুষ্ট৷ এসময়ত হত্যা-হিংসাই আৱৰি থকা বিটিএডি আজি শান্তিৰ ৰম্যভূমিত পৰিণত হৈছে। বিটিএডিৰ অন্তৰ্গত চিদলী বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজৰ বিজেপি মিত্ৰজোঁটৰ ইউপিপিএলৰ প্ৰতি সমৰ্থন বৃদ্ধি পাইছে৷ সেয়েহে এই উন্নয়নৰ জয়যাত্ৰাক আৰু অধিক আগবঢ়াই নিয়াৰ লগতে এক সুস্থ বাতাবৰণ ৰক্ষাৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলক ভোট দি বিজয় সুনিশ্চিত কৰিবলৈ অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই আহ্বান জনায়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds