গাড়ীগাঁও শ্ৰী শ্ৰী শ্যামৰায় গোসাঁইঘৰত ভাগৱত পাঠৰ অনুষ্ঠান

জালুকবাৰী : গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰী শ্ৰী শ্যামৰায় গোসাঁইঘৰৰ সৌজন্যত অহা ১৫ নবেম্বৰত পৱিত্ৰ ৰাস পূৰ্ণিমা তিথি উপলক্ষে এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে ৪৭ সংখ্যক ভাগৱত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱা ৪ উষা কীৰ্তন আৰু ৮ বজাত ভাগৱত শোভাযাত্ৰাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। দুপৰীয়া ১২ বজাত ভাগৱত স্থাপন, বিয়লি ১ বজাৰ পৰা আয়তী সকলৰ নাম – প্ৰসংগ, সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, ৬ বজাৰ পৰা ভাগৱত পাঠ, ভাগৱত বাখ্যা আৰু ধৰ্মালোচনা অনুষ্ঠিত হ’ব। ভাগৱত পাঠ কৰিব গাড়ীগাওঁৰ ধনেশ্বৰ চন্দ্ৰ দাসে আৰু বিশ্লেষক হিচাপে উপস্থিত থাকিব শিৱসাগৰৰ খনামুখৰ ভাগৱত আচাৰ্য্য প্ৰাণজিৎ গগৈয়ে। আনহাতে ভাগৱত অনুষ্ঠানৰ কাৰ্যসূচী সুচাৰুভাবে পৰিচালনা কৰিবলৈ সমাজকৰ্মী বিমল চন্দ্ৰ পাটোৱাৰীক ৰাইজ মেধি, বিনোদ চন্দ্ৰ দাসক সভাপতি, সৰ্বানন্দ দাস আৰু বলেন চন্দ্ৰ দাসক সাধাৰণ সম্পাদক, ৰঞ্জন পাটোৱাৰী, প্ৰদীপ দাস আৰু জগদীশ দাসক প্ৰচাৰক হিচাপে লৈ ভাগৱত অনুষ্ঠান পৰিচালনা সমিতিখন গঠন কৰা হৈছে। সমিতিয়ে সিদিনাৰ ভাগৱত অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*