অসম মহিলা অভিযন্তা সন্থাৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উদযাপন

অভিযান্ত্ৰিকৰ মেধাৱী আৰু আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান

গুৱাহাটী: অসমৰ মহিলা অভিযন্তা সকলৰ অন্যতম সংগঠন “অসম মহিলা অভিযন্তা সন্থা“ৰ ষষ্ঠদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিয়লি পাণবজাৰস্থিত ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰ্ছৰ সভাগৃহত এক গাম্ভিৰ্য্যপূৰ্ণ পৰিবেশত উদযাপন কৰা হয় ৷ এই উপলক্ষে সন্থাৰ সভানেত্ৰী ডঃ বিভা দাস শইকীয়াৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদিকা অন্তৰা বৰুৱাই আৰু আঁত ধৰে সদস্যা গীতাঞ্জলি কাকতিয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত প্ৰতি বছৰে সন্থাৰ তৰফৰ পৰা প্ৰদান কৰাৰ দৰে অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহৰ ভিতৰত ২০২৩-২৪ বৰ্ষৰ চিভিল ইঞ্জিনিয়াৰিঙত শীৰ্ষস্থান লাভ কৰা মহিলা অভিযন্তা গৰাকীক নগদ দহ হাজাৰ টকাসহ নীপকোৰ প্ৰাক্তন মহাপ্ৰবন্ধক প্ৰয়াত অভিযন্তা কৱিতা দেৱী চাংকাকতি সোঁৱৰণী বঁটা প্ৰদান কৰা হয় ৷ এইবেলি এই বঁটা লাভ কৰে জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী গাৰ্গী চাগ্রাই। ইয়াৰ উপৰিও অসম মহিলা অভিযন্তা সন্থাৰ তৰফৰ পৰা প্ৰতিবছৰে আগবঢ়াই অহাৰ দৰে এই বছৰো ২০২৪ চনৰ বাবে ডিগ্ৰী আৰু ডিপ্লোমাৰ অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰা আৰ্থিক ভাৱে দুৰ্ৱল প্ৰথম বৰ্ষৰ দুগৰাকী মেধাৱী ছাত্ৰীক ৰবীন্দ্ৰ নাথ বৰুৱা আৰু প্ৰদীপ দত্ত বঁটাসহ এককালিন ভাৱে আঠ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হয় ৷ ছাত্ৰী দুগৰাকী হল ক্ৰমে – জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী নিকিতা শৰ্মা আৰু গুৱাহাটীৰ গাৰ্লছ পলিটেকনিকৰ ছাত্ৰী শিখা মণি ডেকা।

আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসমৰ অভিযান্ত্ৰিক শিক্ষা জগতৰ এগৰাকী স্বনামধন্য শিক্ষাবিদ ডঃ হিৰণ্য কুমাৰ দাসে ভাষণ প্ৰসংগত দেশ নিৰ্মাণত অভিযন্তা সকলে নীৰৱে আগবঢ়াই অহা অৱদানৰ বিশদ ব্যাখ্যা দাঙি ধৰি অসম মহিলা অভিযন্তা সন্থাই বিগত সময়চোৱাত ছাত্ৰী , মহিলা – যুৱতীৰ সবলীকৰণৰ বাবে কৰি অহা কামৰ শলাগ লয় । অনুষ্ঠানত সন্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ৰীতা ৰাজখোৱাকে ধৰি ভালেসংখ্যক প্ৰাক্তন আৰু বৰ্তমানৰ কৰ্মকর্তা , সদস্য উপস্থিত থাকে । অনুষ্ঠানত সন্থাৰ সদস্যা গীতিমালা বৈশ্যৰ সম্পাদনাত প্ৰকাশিত আৰু দৃষ্টিৰূপা দাসে ( চাকি ) কভাৰ ডিজাইন কৰা নিউজ লেটাৰখন উন্মোচন কৰা হয়। অনুষ্ঠানত সন্থাৰ কেবাজনো সদস্যা আৰু তেওঁলোকৰ পৰিয়ালৰ শিশুয়ে নৃত্য, গীত পৰিৱেশন কৰে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*