নতুন সাহিত্য পৰিষদ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি স্থানান্তৰণ আৰু গছ কটাৰ বিৰোধিতা

গুৱাহাটীঃ যোৱা ২ নৱেম্বৰ তাৰিখে নতুন সাহিত্য পৰিষদৰ অনিল নগৰৰ পুষ্প প্ৰফুল্ল ন্যাস চৌহদৰ ৰাজ্যিক কাৰ্যালয়ত শিক্ষাবিদ ড° ঘনশ্যাম নাথৰ সভাপতিত্বত বহা জৰুৰী সভাই গুৱাহাটী ক্লবত থকা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তি চৰকাৰে স্থানান্তৰিত কৰিবলৈ লোৱা অসংবেদনশীল সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে৷অসমীয়া ভাষা সাহিত্যৰ
প্ৰাণপুৰুষগৰাকীৰ অসমবাসীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ চানেকি স্বৰূপে তেওঁৰ ডেৰশবছৰীয়া জয়ন্তীৰ সময়ত স্থাপন কৰা প্ৰতিমূৰ্ত্তিটোএক ঐতিহাসিক ক্ষণৰ সাক্ষী৷ অসমীয়া ভাষাক ধ্ৰপদী ভাষা ৰূপে স্বীকৃতি দানৰ সময়ত ভাষাটোৰেই প্ৰধান কাণ্ডাৰীৰ প্ৰতি চৰকাৰে দেখুৱা এনে অৱজ্ঞা অসমীয়া জাতিটোৰ প্ৰতি কৰা নজাৰহেন অপমান৷ সাহিত্য সংগঠনটোৱে এই সংকটৰ মুহূৰ্ততে নীৰৱ হৈ থকা জাতীয় সংগঠনবোৰৰো তীব্ৰ সমালোচনা কৰে৷
অসম চৰকাৰৰ অবিবেচক সিদ্ধান্তৰ বিৰোধিতা কৰি সচেতন নাগৰিক সকলৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজে গঢ়িতোলা আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰা নতুন সাহিত্য পৰিষদে শীঘ্ৰেই নিজৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক আহ্বান জনায়৷ সাহিত্য সংগঠনটোৱে উৰণীয়া সেতু নিৰ্মাণৰ নামত ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ প্ৰাণস্বৰূপ বিভিন্ন প্ৰজাতিৰ চৰাই,পথচাৰীৰ উশাহ সহজ কৰা অম্লজান আৰু পথচাৰীক শতিকাৰ পিছত শতিকা ছাঁ দি অহা গছসমূহ নিৰ্মূল কৰিবলৈ লোৱা অসম চৰকাৰৰ প্ৰকৃতি আৰু পৰিৱেশধংসী হঠকাৰী সিদ্ধান্তৰো বিৰোধিতা কৰিছে৷ এই সৰ্বনশীয়া একপক্ষীয় সিদ্ধান্ত সলনি কৰি দীঘলী পুখুৰীৰ শোভা পৰিৱেশ সুৰক্ষিত ৰাখি বিকল্প সেতু নিৰ্মাণৰ বাবে চৰকাক দাবী জনায়৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*