21 C
Guwahati
Monday, May 17, 2021

Buy now

🗳️ জনাদেশ-২০২১ 🗳️

ডাঃ ভূমিধৰ বৰ্মনৰ বিয়োগত নলবাৰী জিলা সাহিত্য সভাৰ গভীৰ শোক

নলবাৰী : ডাঃ ভূমিধৰ বৰ্মনৰ বিয়োগত নলবাৰী জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে । এক প্ৰেছ বাৰ্তাত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই কয় যে নলবাৰীৰ সুসন্তান, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, সুদক্ষ–জনপ্ৰিয় চিকিৎসক, প্ৰবীন ৰাজনীতিবিদ ডাঃ ভূমিধৰ বৰ্মনৰ ১৮ এপ্ৰিলত হোৱা আকস্মিক বিয়োগে নলবাৰীৰ সমাজ জীৱনত বাৰুকৈয়ে শূন্যতাৰ সৃষ্টি কৰিছে । ২০০৪ খৃষ্টাব্দত নলবাৰী জিলাৰ বেলশৰত আয়োজিত অসম সাহিত্য সভাৰ দ্বিতীয় বিশেষ বাৰ্ষিক অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতিৰ দায়িত্ব লৈ অধিৱেশনখন সফল কৰিবলৈ সমাজ–সাহিত্যপ্ৰাণ ডাঃ ভূমিধৰ বৰ্মনে কৰা অহোপুৰুষাৰ্থৰ কথা শ্ৰদ্ধাৰে স্মৰণীয় হৈ থাকিব বুলিও প্ৰেছ বাৰ্তাটোত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই দোহাৰিছে ।

Related News @ Articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

21,961FansLike
2,766FollowersFollow
275SubscribersSubscribe
- Advertisement - spot_img

Latest Articles & News

Assembly Election 2021 Poll@ LIVE
error: Content is protected !!