ওদালগুৰি জিলা দেৱালয় সংঘৰ পঞ্চম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

টংলাৰ পৰা চিন্ময় ডেকা: ওদালগুৰি জিলাৰ ১ নং বটাবাৰীৰ মৌ গাওঁস্থিত শিৱ সেৱাশ্ৰম প্ৰাঙ্গনত ৰবিবাৰে দিনৰ বাৰ বজাত প্ৰায় ৩০ খন দেৱালয়ৰ প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন হয় এক বিশেষ কাৰ্যনিৰ্বাহক সভা।

সভাত ওদালগুৰিৰ জিলাৰ দেৱালয় সংঘৰ সভাপতি গোপাল দেৱ শৰ্মা, সম্পাদক কমল কুমাৰ ডেকাৰ নেতৃত্বত সাংগঠনিক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ ভাৱে আলোচনা কৰা হয়।

উল্লেখ্য যে, অনাগত দিনত ওদালগুৰিৰ জিলাৰ অন্তৰ্গত ঐতিহাসিক দেৱালয় সমূহ একত্ৰিত কৰাৰ মুখ্য প্ৰয়াস লৈ আগবাঢ়ি যাব বুলি জানিবলৈ দিয়ে দেৱালয় সংঘৰ বিষয়ববীয়া সকলে।

অন্যহাতে সভাত উপদেষ্টা পোহৰ চন্দ্ৰ কেওট, কৃষ্ণ কান্ত ডেকা, খিতেশ্বৰ ডেকা, গ্ৰন্থ প্ৰকাশ সমিতিৰ সভাপতি দিলীপ বড়ো, উপ-সভাপতি প্ৰেমেশ্বৰ নাথ প্ৰমুখ্যে সাং‍গঠনিক সম্পাদক তৰুণ চন্দ্ৰ মেধি, সোনেশ্বৰ ডেকা উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*