গুৱাহাটীঃ সদ্য সমাপ্ত বিদ্যা ভাৰতী ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ খেলুৱৈসকলে চমকপ্ৰদ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। সৰস্বতী বিদ্যা মন্দিৰ (চি বি এছ চি), মুখাৰ্জী নগৰ, দেৱাস, মধ্য প্ৰদেশত অনুষ্ঠিত হোৱা বিদ্যা ভাৰতীৰ ৩৫ তম্ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ পৰা ১৭ গৰাকী খেলুৱৈ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। শিশু শিক্ষা সমিতি, অসমৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া অনুসৰি ইয়াৰে ১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৩ টা সোণৰ পদক, ২ টা ৰূপৰ পদক আৰু ৭টা ব্ৰঞ্জৰ পদক লাভ কৰি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাবে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে শিশু শিক্ষা সমিতি, অসম আৰু স্থানীয় নিকেতন লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
এই পদক প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী আৰু অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক শিশু শিক্ষা সমিতি, অসমৰ প্ৰদেশ কাৰ্যালয়, প্ৰশান্ত পথত আজি অভিনন্দন তথা শুভেচ্ছা জনায় জ্যেষ্ঠ প্ৰচাৰক যোগেন্দ্ৰ সিং শিচোদিয়া, সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক আৰু শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় খেল প্ৰমুখ পবিত্ৰ গগৈয়ে। সোণৰ পদক প্ৰাপ্ত শংকৰদেৱ শিশু নিকেতন, সিংহদ্বাৰৰ ছাত্ৰী জাচিংফা বৰগোহাঁই, শংকৰদেৱ শিশু নিকেতন, পাটসাকোঁৰ ছাত্ৰ কাব্যনাভ গগৈ আৰু শংকৰদেৱ শিশু নিকেতন, ৰহাৰ ছাত্ৰ এলবিয়ান বৰদলৈএই তিনি গৰাকী ছাত্ৰ ছাত্ৰীয়ে SGFI(School Games Fedaration of India)ত খেলাৰ বাবে নিৰ্বাচিত হয়।
Leave a Reply