প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অধ্যাপক সুশীল শর্মা স্মাৰক পুথিভঁৰাল উদ্ধোধন

গুৱাহাটীঃ ৰামধেনু যুগৰ কবি তথা প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক প্রয়াত সুশীল শৰ্মাৰ স্মৃতিত উৎসর্গিত পুথিভঁৰালটি ২১ অক্টোবৰত উদ্ধোধন কৰা হয়। প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু প্ৰাক্তন ছাত্রী তথা প্ৰয়াত অধ্যাপক সুশীল শৰ্মাৰ কন্যা ডঃ মালবিকা শৰ্মাৰ অর্থ সাহায্যত নির্মিত ‘অধ্যাপক সুশীল শৰ্মা স্মাৰক পুথিভঁৰালটোৰ দ্বাৰ মুকলি কৰে ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ পৰমানন্দ ৰাজবংশীয়ে।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ডঃ ৰাজবংশীয়ে ভাষণ প্ৰসংগত একালৰ সহকৰ্মী তথা অধ্যাপক প্রয়াত সুশীল শৰ্মাৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি মহাবিদ্যালয়খনৰ অসমীয়া বিভাগটোৰ উপৰি অসমীয়া ভাষা-সাহিত্যলৈ প্রয়াত অধ্যাপকগৰাকীয়ে আগবঢ়াই থৈ যোৱা অৱদানৰ বিষয়ে বিশদ বাখ্যা দাঙি ধৰে। অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ বৈকুণ্ঠ ৰাজবংশীয়ে আঁত ধৰা অনুষ্ঠানত অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্ত, প্রাক্তন অধ্যাপক ডঃ ৰঞ্জিৎ দাস, ডঃ বিভা ভৰালী, ডঃ মালবিকা শর্মা, প্রাক্তন প্রাগজ্যোতিষীয় সতীর্থ সন্মিলনৰ সভাপতি দেৱান ধ্রুবজ্যোতি মৰল প্ৰমুখ্যে কেইবাগৰাকী বক্তাই প্রাক্তন অধ্যাপকগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰি মন্তব্য আগবঢ়ায়। অনুষ্ঠানত ছাত্র-ছাত্রী, অধ্যাপক-অধ্যাপিকা তথা কেইবাগৰাকী প্রাক্তন ছাত্র-ছাত্রী উপস্থিত থাকে। অনুষ্ঠানত পুথিভঁৰালটিয়ে বিশেষকৈ গবেষক ছাত্র-ছাত্রীক বিশেষভাবে উপকৃত কৰিব বুলি আশা প্রকাশ কৰে। ইপিনে মহাবিদ্যালয়ৰ চৌহদত ‘প্রাগজ্যোতিষ কলেজ পাব্লিকেচন হাব’ আৰু ‘ইণ্টাৰনেল কোৱালিটী এচুৰেন্স ছেল’ৰ উদ্যোগত এখনি গ্রন্থমেলাও অনুষ্ঠিত হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*