সদৌ অসম মায়ামৰা সমাজৰ প্ৰাক্তন উপসভাপতি, অনিৰুদ্ধদেৱ বঁটা প্ৰাপক পূৰ্ণধৰ দাসৰ স্মৰণিকা প্ৰকাশৰ প্ৰস্তুতি
অসম খবৰ বেদেতী ১১ জুলাই:
সদৌ অসম মায়ামৰা সমাজৰ প্ৰাক্তন উপসভাপতি, অনিৰুদ্ধদেৱ বঁটা প্ৰাপক, সমাজৰ শিৰোমণি গাঁওবুঢ়া, প্ৰয়াত পূৰ্ণধৰ দাসৰ এখন স্মৰণিকা প্ৰকাশৰ উদ্দেশ্যে আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ।
বিশ্বনাথ জিলা মায়ামৰা সমাজৰ উদ্যোগত, প্ৰয়াত পূৰ্ণধৰ দাসৰ বাসগৃহত , ৰাজেন হাজৰিকাই সভাপতিত্ব কৰা আজিৰ সভাত সমাজকৰ্মী শুকদেৱ বৰুৱা, জীৱন দাস, লোকপ্ৰিয় হাইস্কুলৰ প্ৰধান শিক্ষক জয়ন্ত হাজৰিকা, প্ৰাক্তন ছাত্ৰ নেতা, কবি নিৰঞ্জন দাস, কবি, লেখিকা, বিশ্বনাথ জিলা সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক ৰূপালী দাস, জনতা হাইস্কুলৰ উপাধ্যক্ষ ফিৰোজ দাস, বিশ্বনাথ জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সম্পাদক দিগন্ত কুমাৰ দাস, বিশ্বনাথ মহকুমা অনুসূচীত জাতি পৰিষদৰ অধ্যক্ষ তথা প্ৰয়াত পূৰ্ণধৰ দাসৰ পুত্ৰ অৰূপ কুমাৰ দাস আদিয়ে অংশগ্ৰহণ কৰাৰ লগতে যাৱতীয় আলোচনা আগবঢ়োৱা সভাখনত আগন্তুক ছয়মাহৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তৰ মায়ামৰা সমাজৰ ভক্ত তথা সেৱক সকলৰ লিখনি সমৃদ্ধ এখন স্মৰণিকা প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হয় । বিশ্বনাথ জিলা মায়ামৰা সমাজৰ ঔদ্যোগত, পূৰ্ণধৰ দাসৰ পৰিয়ালৰ সহযোগত প্ৰকাশ পাব লগা স্মৰণিকাখনিৰ সম্পাদনাৰ বাবে ১৫ জনীয়া সদস্যৰে এখন সম্পাদনা সমিতি গঠন কৰা হয় ।
স্মৰণিকা সম্পাদনাৰ বাবে ৰূপালী দাসক সভাপতি, জয়ন্ত হাজৰিকা আৰু ৰাজেন হাজৰিকাক উপ-সভাপতি, নিৰঞ্জন দাস আৰু দিগন্ত কুমাৰ দাসক সম্পাদক, খগেন মটক, ভুৱন লুইটেল, অজিত দাস , বিপুল বনিয়া, ফিৰোজ কুমাৰ দাস, বিপ্লৱ দাস, বিজ্ঞান দাস আৰু অৰূপ কুমাৰ দাসক সদস্য হিচাপে লৈ আজিৰ সভাতে দায়িত্ব অৰ্পণ কৰা হয় ।
সমিতিৰ উপদেষ্টা হিচাপে সৰ্বশ্ৰী শুকদেৱ বৰুৱা, শংকৰ চন্দ্ৰ দাস, ডম্বৰু বৰা, কাৰ্তিক দাস, বেদানন্দ ফুকন, কিশোৰ নাথ, ঘন বৰুৱা, বসন্ত হাজৰিকা, প্ৰমিত বনিয়া,জীৱন দাস আৰু কুশ বনিয়াক অন্তৰ্ভুক্ত কৰা হয় ।
Leave a Reply