বিহালীত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ন-পুৰণি বৈঠক ও দায়িত্বভাৰ অৰ্পণৰ সভা
অসম খবৰ বেদেতী ৬ জুলাই= বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ নৱ-নিৰ্বাচিত সমিতি আৰু পুৰণি সমিতিৰ এখন যুটীয়া বৈঠক তথা কাৰ্যকৰী সভা আজি বিহালীৰ ২ নং বৰালিমৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় ।
মহকুমা সন্মিলনীৰ সভাপতি দুলাল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক পৰেশ বৰাই । সভাখন সামগ্ৰিকভাৱে পৰিচালনা কৰে উত্তৰ বেদেতী প্ৰাথমিক শিক্ষক কেন্দ্ৰ সভাৰ সভাপতি তথা মহকুমা সন্মিলনীৰ উপ-সভাপতি ৰাজেশ ভূমিজ আৰু কেন্দ্ৰ সম্পাদক তথা ৰাজ্যিক সন্মিলনীৰ সদস্য দেৱনাথ মিলিয়ে ।
পুৰণি সমিতিৰ পৰা নতুন সমিতিয়ে দায়িত্বভাৰ আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰাৰ পাছতে সমিতিখনে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে । শপত বাক্য পাঠ কৰায় মহকুমা শিক্ষক সন্মিলনীৰ উপদেষ্টা ৰঘু ৰাজোৱাৰে । সভাত প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৰ্বভাৰতীয় সদস্য তথা নলবাৰী মহকুমাৰ সম্পাদক মোহন হালৈ, তেজপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক অৱনী বৰা, সৰ্বভায় সদস্য পৰেশ বৰা, ৰাজ্যিক সন্মিলনীৰ সদস্য দেৱনাথ মিলি আদিয়ে প্ৰাসংগিক আলোচনা আগবঢ়ায় ।
সভাখনত ৰাজ্যিক সদস্যা ৰিতুপূৰ্ণা হাজৰিকা, সহকাৰী সম্পাদক সঞ্জীৱ ৰংপী, ভৱন সম্পাদক পদ্মেশ্বৰ কুৰ্মী, ন্যাস সম্পাদক লক্ষ্যেশ্বৰ ওৰাং আদিয়ে অংশগ্ৰহণ কৰে ।
সভাত বক্তব্য ৰাখে বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি মঃ জাকিৰ হুছেইন, শিক্ষক টংকলাল দাস, মুনীন্দ্ৰ সৰকাৰ আৰু দিগন্ত দাসে ।
অনুষ্ঠানত ২ নং বৰালিমৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ঝুমুৰ নৃত্য, ছন্দামাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰীদ্বয় গৰিমা মিলি আৰু চাহিনা আফ্ৰিনে ভাৰত নাট্যম আৰু পৰিস্মিতা শৰ্মাই আধুনিক নৃত্য পৰিৱেশন কৰে ।
———————————————–
Leave a Reply Cancel reply