Sunday, June 15, 2025
27.8 C
Guwahati
TOP NEWS:

৮০ শতাংশ ভোটদানেৰে বিশ্বনাথ নিৰ্বাচনী জিলাত শান্তিপূৰ্ণ নিৰ্বাচন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

৮০ শতাংশ ভোটদানেৰে বিশ্বনাথ নিৰ্বাচনী জিলাত শান্তিপূৰ্ণ নিৰ্বাচন

বিশ্বনাথ সমষ্টিত চূড়ান্ত ভোটদানৰ হাৰ ৮০.২ শতাংশ

বিহালীত ৮০.০৯ শতাংশ ভোটাৰে কৰিলে ভোটদান

বিশ্বনাথ চাৰিআলি ২০ এপ্ৰিলঃ_ বিশ্বনাথ নিৰ্বাচনী জিলাত আশী শতাংশ ভোটদানেৰে শান্তিপূৰ্ণভাৱে সমাপন হ’ল লোকসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭০ নং বিশ্বনাথ আৰু ৭১ নং বিহালী(অনুসূচীত জাতি) বিধানসভা সমষ্টিত বহুকেইটা ভোটকেন্দ্ৰত নিশালৈকে জিলা প্ৰশাসনে ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব লগা হয়। নিৰ্বাচনী জিলাখনৰ মুঠ ৩৯৪ টা ভোটগ্রহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰাই ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহে। বিয়লি ৫ বজাত ভোটদান প্ৰক্ৰিয়া অন্ত পৰে যদিও নিৰ্বাচনী জিলাখনৰ দুয়োটা বিধানসভা সমষ্টিতে বহুকেইটা ভোটকেন্দ্ৰত ৰাতি প্ৰায় ৯ বজালৈকে ভোটদান অব্যাহত ৰাখিব লগা হয়।বিয়লি ৫ বজালৈকে ভোটদানৰ হাৰ উৎসাহজনক নাছিল যদিও গৰিষ্ঠসংখ্যক ভোটকেন্দ্ৰত বিয়লি বেলাৰ পৰা ভোটাৰে ভিৰ কৰা পৰিলক্ষিত হয় আৰু নিশালৈকে দুয়োটা সমষ্টিতে এই ভোটদানৰ চূড়ান্ত হাৰ গড় হিচাপত ৮০ শতাংশ হয়গৈ। প্ৰাপ্ত তথ্য অনুযায়ী ইয়াৰে ৭০ নং বিশ্বনাথ বিধানসভা সমষ্টিত চূড়ান্ত ভোটদানৰ হাৰ ৮০.২ শতাংশ আৰু ৭১ নং বিহালী (অনুসূচীত জাতি) বিধানসভা সমষ্টিত ৮০.০৯ শতাংশ ।

প্ৰতিকূল বতৰৰ স্বত্বেও সাধাৰণ ভোটাৰৰ উপৰিও দুয়োটা বিধানসভা সমষ্টিত কালি দিব্যাংগ ভোটাৰ আৰু ৮৫ বছৰ বয়সৰ ঊর্ধ্বৰ ভোটাৰেও ভোটদান কৰিবলৈ ওলাই অহাটো আছিল লক্ষ্যণীয়। উল্লেখ্য যে এইবেলি নিৰ্বাচনত বিশ্বনাথ বিধানসভা সমষ্টিত সৰ্বাধিক ভোটদান হয় ১২৮ নং এফ এ আহমেদ হাইমাদ্ৰাছা(পূৱ) ভোটকেন্দ্ৰত। এই ভোটকেন্দ্ৰত ভোটদানৰ হাৰ আছিল ৯৮.৬৭ শতাংশ। আনহাতে সমষ্টিটোৰ সৰ্বনিম্ন ভোটদান হয় ৬২.৮৩ শতাংশৰে ১২ নং মনাই জয়সিদ্ধি হাইস্কুল (পশ্চিম) ভোটকেন্দ্ৰত। একেদৰে বিহালী বিধানসভা সমষ্টিত সৰ্বাধিক ভোটদান হয় ৩৮ নং চিলামাৰী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত। এই ভোটকেন্দ্ৰত ভোটদানৰ হাৰ আছিল ৯৭.০৮ শতাংশ। আনহাতে সমষ্টিটোৰ সৰ্বনিম্ন ভোটদান হয় ৬৯.৪৫ শতাংশৰে ১৫৯ নং নেহেৰু এম ই স্কুল ভোটকেন্দ্ৰত।

উল্লেখযোগ্য যে, বিশ্বনাথ নিৰ্বাচনী জিলাৰ দুয়োটা বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা হৈছে ৩৪২৯৫৪ গৰাকী। কালি নিৰ্বাচনত ইয়াৰে ২৭৪৮৬৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। বিশ্বনাথ বিধানসভা সমষ্টিত ১৮৭১৯৪ গৰাকী ভোটাৰৰ বিপৰীতে ১৫০১২৪ গৰাকী ভোটাৰে আৰু বিহালী(অনুসূচীত জাতি) বিধানসভা সমষ্টিত ১৫৫৭৬০ গৰাকী ভোটাৰৰ বিপৰীতে ১২৪৭৪২ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।বিশ্বনাথত পুৰুষ ভোটাৰৰ ভোটদানৰ হাৰ ৭৮.৬ শতাংশৰ বিপৰীতে মহিলা ভোটাৰৰ ভোটদানৰ হাৰ আছিল ৮১.৭ শতাংশ। একেদৰে বিহালী বিধানসভা সমষ্টিত পুৰুষ ভোটাৰৰ ভোটদানৰ হাৰ ৭৮.৯৭ শতাংশৰ বিপৰীতে মহিলা ভোটাৰৰ ভোটদানৰ হাৰ আছিল ৮১.১৯ শতাংশ।

জিলাখনত নিৰ্বাচন সফলতাৰে আৰু শান্তিপূৰ্ণভাৱে সমাপন হোৱাত বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত ডাঃ নেহা যাদৱে সকলো বিষয়া কৰ্মচাৰীৰ লগতে জিলাবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

- Advertisement -

Hot this week

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

Topics

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
broken clouds
26.1 ° C
26.1 °
26.1 °
93 %
1kmh
53 %
Sat
26 °
Sun
32 °
Mon
28 °
Tue
27 °
Wed
31 °