প্ৰকাশ পালে বিশিষ্ঠ শিক্ষয়িত্ৰী স্বৰ্গীয় লনী প্ৰভা দাসৰ স্ব-ৰচিত কবিতা সংকলন ‘সঁহাৰি’

◊ ৰঙিয়াৰ বিশিষ্ঠ শিক্ষয়িত্ৰী লনী প্ৰভা দাসৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী। আজিৰ এই দিনটোত বিশিষ্ট পৰিবেশ বিজ্ঞানী ডঃ অমৰজ্যোতি কাশ্যপ, ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ পাৰ্থ সাৰথী মহন্ত, বিশিষ্ট জেষ্ঠ শিক্ষাবিদ প্ৰবিত্ৰ কলিতা, জেষ্ঠ শিক্ষাবিদ লক্ষ্মী কান্ত মহন্ত, বিশিষ্ট সমাজকৰ্মী ধৰ্মকান্ত ডেকা, কবি নৰুল আমিনকে ধৰি ৰঙিয়াৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে আজি প্ৰয়াত বিশিষ্ঠ শিক্ষয়িত্ৰী লনী প্ৰভা দাসৰ স্ব-ৰচিত ‘কবিতা সংকলন সঁহাৰি’ উন্মোচন কৰে।

কামৰূপ জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা স্বামী ভুপেন কুমাৰ দাসে ‘কবিতা সংকলন সঁহাৰি’ পুথি খন প্ৰকাশ কৰি উলিয়ায়। প্ৰকাশক ভূপেন কুমাৰ দাসৰ বাস ভৱনত অনুষ্ঠিত হোৱা আজিৰ এই অনুষ্ঠানত উপস্থিত থকা সকলোৱে ‘কবিতা সংকলন সঁহাৰি’ কবিতা পুথি খন পঢ়ি আপ্লুত হয় লগতে কবি লনী প্ৰভা দাস আৰু প্ৰকাশক ভূপেন কুমাৰ দাসক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই লগতে লগতে লনী প্ৰভা দাসৰ আত্মাৰ চিৰশান্তী কামনা কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*