বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠানত  ড° বুলজিৎ বুঢ়াগোহাঁই

গুৱাহাটী,২৩ মাৰ্চ : বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ বাৰ্ষিক বক্তৃতা অনুষ্ঠানটো ২৩ মাৰ্চত  অনুষ্ঠিত হয় আৰু বক্তৃতা অনুষ্ঠানটোৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই।

বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী ড°  ৰূপা বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° দেৱীকা ফুকনে। ড° বুলজিৎ বুঢ়াগোহাঁয়ে ‘শিক্ষা’ বিষয়ত  স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রীধাৰীসকলৰ বাবে  থকা কেৰিয়াৰৰ  সুযোগৰ বিষয়ে  আলোচনা কৰে।

তেওঁ  বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত  সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। লগতে তেওঁ  ইন্টাৰনেটৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য  কেনেকৈ শুদ্ধ ভাবে সংগ্রহ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰে।

বি বৰুৱা মহাবিদ্যালয় আৰু আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ  শিক্ষা বিভাগৰ  শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰা অনুষ্ঠানটোত ড° বুঢ়াগোহাঁয়ে  বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। কেৰিয়াৰ পৰামৰ্শদাতা  ড° বুঢ়াগোহাঁয়ে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।

About ড° বুলজিৎ বুঢ়াগোহাঁই, লেখক, কেৰিয়াৰ পৰামৰ্শদাতা 14 Articles
Buljit Buragohain has been awarded the degree of Doctor of Philosophy (Ph.D.) by the Indian Institute of Technology Guwahati (IITG) for his thesis “Thermodynamic Optimization of Biomass Gasification”. He completed his doctoral research under the joint supervision of Dr. V.S. Moholkar, Department of Chemical Engineering, and Prof. P. Mahanta, Department of Mechanical Engineering, IIT Guwahati. He is the son of Mr. Nomal Buragohain and Late Saruj Dihingia, of Bhehpara Gaon, Dhemaji. ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ পৰা বুলজিৎ বুঢ়াগোহাঁইয়ে ডক্টৰেট ডিগ্রী লাভ কৰিছে। এওঁ উক্ত প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহযোগী অধ্যাপক ড° ভি এছ মোহলকাৰ আৰু মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক পি মহন্ত অধীনত গৱেষণা কৰিছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল “Thermodynamic Optimization of Biomass Gasification”. এওঁ ধেমাজি জিলাৰ ভেহপৰা গাওঁ নিবাসী শিক্ষক নোমল বুঢ়াগোহাঁই আৰু প্রয়াত শিক্ষয়িত্রী সৰোজ দিহিঙ্গীয়াৰ পুত্র।"

Be the first to comment

Leave a Reply

Your email address will not be published.


*