বিহালীত স্বেচ্ছাসেৱী সংগঠন our Natural Energy ৰ ব্যতিক্ৰমী পদক্ষেপ

বিহালীত স্বেচ্ছাসেৱী সংগঠন our Natural Energy ৰ ব্যতিক্ৰমী পদক্ষেপ

ৰাজ্যত দিনক দিনে হাতী মানুহৰ সংঘাত ব্যাপক ভাৱে বৃদ্ধি পোৱা লগতে বনাঞ্চল পৰা জনাঞ্চললৈ খাদ্য সন্ধানত দৈনিক শ শ বনৰীয়া হাতী উলাই আহি বনাঞ্চলৰ নিকটৱৰ্তী অঞ্চলত সমূহত এক তাণ্ডৱ সৃষ্টি কৰি আহিছে দীৰ্ঘদিন ধৰি।
ইফালে উত্তৰ অসমৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চল পৰা দৈনিক শ শ বনৰীয়া হাতী বিহালী সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ উলাই আহি বনাঞ্চলৰ নিকটৱৰ্তী অঞ্চল সমূহৰ খেতি পথাৰত প্ৰৱেশ কৰি খেতি খাই তহিলং কৰা লগতে ঘৰ দূৱাৰ ভাঙি নষ্ট কৰি অহা ওপৰিও বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। আনহাতে এই হাতী মানুহৰ সংঘাত দূৰ কৰা লগতে খাদ্য যোগান ধৰা উদ্দেশ্যে বিহালী সমষ্টিৰ স্বেচ্ছাসেৱী সংগঠন Our Natural Energy নামৰ সংগঠনটোৰ বিষয়ববীয়াই দেওবাৰে বিহালী সংৰক্ষিত বনাঞ্চলৰ হাতী ডিপুত ৫০ জোপা কল গছ ৰোপণ কৰে বৰগাং বন বিভাগৰ সহযোগত। ইফালে সংগঠনৰ সঞ্চালক সুৰজিৎ দাস, সভাপতি শ্ৰীমন্ত দাসে প্ৰকাশ কৰা অনুসৰি বিহালী বনাঞ্চলকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰৰ নদী পাৰত আৰু বনাঞ্চলত প্ৰায় ১০ হাজাৰ কল গছ ৰোপণৰ কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰে। এই আজি এই কাৰ্যসূচীত বৰগাং ৰঙাগড় বিট অফিচাৰ , লক্ষ্যধৰ বড়ো,স্বেচ্ছাসেৱী সংগঠনৰ উপ সভাপতি ত্ৰিদিপ দাস,উপদেষ্টা বিমল ওৰাংকে ধৰি কেইবাজনো সদস্য অংশগ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*