সমাজসেৱক তথা যুৱ লেখক মুন শৰ্মাৰ সত্ৰ পৰিদৰ্শন

মনীষা শৰ্মা, গুৱাহাটী: যোৱা ৩ মাৰ্চৰ দিনা সমাজসেৱক তথা যুৱ লেখক মুন শৰ্মাই কোচবিহাৰলৈ গৈ ৫ খন সত্ৰ পৰিদৰ্শন কৰে৷ কোচবিহাৰৰ মধুপুৰ সত্ৰকে ধৰি হৰিপুৰ সত্ৰ, বৈকুণ্ঠপুৰ সত্ৰ, কাকট কুটা আৰু ভেলা সত্ৰ পৰিদৰ্শন কৰে৷ সত্ৰ কেইখন পৰিদৰ্শন কৰি মুন শৰ্মাই কয় যে তুৰ্ষা নদীৰ খহনীয়াত মহাপুৰুষ হৰিদেৱে প্ৰতিষ্ঠা কৰা মধুপুৰ সত্ৰৰ পৰা প্ৰায় এক কিলমিটাৰমান দূৰৈত অৱস্থিত হৰিপুৰ সত্ৰ খন সম্পূৰ্ণ ৰূপে জাহ গৈছে৷ অৱশেষ ৰূপে প্ৰায় তিনি বিঘা মাটি আছে যদিও তাত সত্ৰৰ কোনো অস্তিত্ব নাই৷

স্থানীয় ৰাইজে এবিঘা মাটিত শিৱ মন্দিৰ এটা প্ৰতিষ্ঠা কৰিছে, আনহাতে বাকী দুবিঘা মাটিত তাৰে কাষৰ মানুহে খেতি আৰু ঘৰ বনাই বসতি কৰি আছে৷

আনহাতে মহাপুৰুষ দামোদৰ দেৱে ইহলীলা ত্যাগ কৰা বৈকুণ্ঠপুৰ সত্ৰ খনৰো তেনেই বেয়া অৱস্থা৷ তাত থকা অতিথিশালাটো ভাঙি নষ্ট হৈ গৈছে৷ তাৰ সত্ৰাধিকাৰ উপেন্দ্ৰ দেৱ গোস্বামীয়ে কোৱা মতে আজিলৈকে সত্ৰখনে একো আৰ্থিক অনুদান পোৱা নাই আৰু সত্ৰৰ সকলো খৰছ তেওঁৰ নিজৰ উপাৰ্জনৰ ধনেৰে বহন কৰি আছে।

মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণ মধুপুৰ সত্ৰত হৈছিল যদিও তেওঁৰ চিতাত আগ্নি কাকট কুটা সত্ৰতহে দিয়া হৈছিল৷ শৰ্মাই কয় যে কাকট কুটা সত্ৰ খনো নদীৰ খহনীয়াৰ বলি হৈ একেবাৰে ভঙা চিগা অৱস্থাত আছে৷ আনহাতে মহাপুৰুষ মাধৱদেৱৰ চিতাত আগ্নি দিয়া ভেলা সত্ৰৰো তেনেই পুতৌ জনক অৱস্থা।

শৰ্মাই প্ৰকাশ কৰা মতে কেৱল মাত্ৰ মধুপুৰ সত্ৰক বাদ দি বাকীকেইখন সত্ৰৰ অৱস্থা তেনেই দুখজনক৷ মুন শৰ্মাই সত্ৰ আয়োগক আৰু অসম চৰকাৰক সত্ৰ কেইখনৰ অৱস্থা জনাব বুলি কয়৷ সত্ৰকেইখন পৰিদৰ্শন কৰি শৰ্মাই ৮ মাৰ্চত অসমলৈ উভতি আহে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*