নতুন নিয়মেৰে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাঃ সৰ্বমুঠ ৪ লাখ ২৭ হাজাৰ শিক্ষাৰ্থী অৱতীৰ্ণ হ’ব পৰীক্ষাত

◊ ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা নতুন পদ্ধতিৰে ছেবাই অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে। পৰীক্ষাৰ্থীসকলে অ’এম আৰ শ্বিটযোগে পোন প্ৰথমবাৰৰ বাবে প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। ছেবাৰ নতুন নিয়ম অনুসৰি অ’এম আৰ শ্বিটত ছাত্ৰ-ছাত্ৰী সকলে ৪টা বিষয়ৰ ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ ৪৫ নম্বৰৰ উত্তৰ লিখিব লাগিব। সেই অনুসৰি প্ৰতিটো প্ৰশ্নৰ বিপৰীতে পৰীক্ষাৰ্থীয়ে ১ নম্বৰকৈ লাভ কৰাৰ লগতে বাকী ৪৫ নম্বৰৰ উত্তৰ ছাত্ৰ-ছাত্ৰী সকলে উত্তৰ বহীত লিখিব লাগিব।

পৰীক্ষাৰ্থীয়ে উক্ত চাৰিটা বিষয়ৰ মুঠ ৯০ নম্বৰৰ উত্তৰ অ’এম আৰ শ্বিট আৰু সাধাৰণ বহীত লিখিব লাগিব। ছেবাই প্ৰকাশ কৰা অনুসৰি ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলৰ সুবিধাৰ্থে এডমিট কাৰ্ডত অ’এম আৰ শ্বিট ব্যৱহাৰ কেনেদৰে কৰিব লাগে সবিশেষ উল্লেখ কৰিছে। উল্লেখ্য যে এইবাৰ ৯১৩ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। নতুন নিয়মেৰে অনুস্থিত হ’বলগীয়া পৰীক্ষাত ৪,২৭,৯২২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হ’ব। ইফালে পৰীক্ষা আৰম্ভ হোৱাৰ ১০ মিনিট পূৰ্বে শিক্ষাৰ্থী সকল পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাটো বাধ্যতামূলক কৰা হৈছে।

একেদৰে নিৰাপত্তাৰ বাবে প্ৰতি পৰীক্ষা কেন্দ্ৰত চি চি কেমেৰা সংযোজন কৰাটো বাধ্যতামূলক কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ দুৰত্বলৈ ১৪৪ ধাৰা জাৰি কৰা হব। পৰীক্ষাৰ ফলাফলো আগন্তুক ৰঙালী বিহুৰ পূৰ্বেই ঘোষণা কৰিব ছেবা কৰ্তৃপক্ষই। অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষাৰ ৪ মাৰ্চত অন্ত পৰিব। পৰীক্ষা শেষ হোৱাৰ লগে লগেই মূল্যায়নৰ কাম-কাজো আৰম্ভ কৰা হব বুলিও ছেবা কৰ্তৃপক্ষই প্ৰকাশ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*