পথ নিৰ্মাণৰ নামত সমগ্ৰ বিশ্বনাথতে দূৰ্নীতিৰ পোহাৰ মেলিছে এজন ঠিকাদাৰে
গভীৰ নিদ্ৰাত লোকনিৰ্মাণ বিভাগ
নিম্নমানৰ কামৰে দুৰ্নীতি-লুণ্ঠনকেই যেন একমাত্ৰ মূলধন হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ তেজপুৰৰ জনৈক পৰিমল শইকীয়া নামৰ এজন ঠিকাদাৰৰ বিৰুদ্ধে। উল্লেখ্য যে, প্ৰধান মন্ত্ৰী গ্ৰামীন চড়ক যোজনাৰ অধীনৰ এক কোটি সাতসত্তৰ লাখ বিৰাল্লিশ হাজাৰ ন শ নিৰান্নবৈ টকাৰ ব্যয় সাপেক্ষে লোকনিৰ্মাণ বিভাগৰ দ্বাৰা বিশ্বনাথৰ নৱপুৰৰ পৰা জাপৰি গুৰিলৈ প্ৰায় ৮.০৬ কিলোমিটাৰৰ এটা পকীপথ নিৰ্মাণৰ বাবে তেজপুৰৰ জনৈক পৰিমল শইকীয়াই ঠিকা লাভ কৰিছিল। ২০২২ চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱা পথটোৰ নিৰ্মাণৰ কাম ২০২৩ চনৰ জুন মাহত সমাপ্ত হ’ব লাগিছিল। কিন্তু ঠিকাদাৰৰ হেমাহি, গাফিলতি আৰু বিভাগীয় অভিযন্তাৰ অমনোযোগীতাৰ বাবে অতি লেহেমীয়াকৈ বহুদিন পথটোত ফলা শিল পাৰি স্থানীয় লোক,পথচাৰীক যন্ত্ৰণা ভোগাই আহিছিল। পিছত কেইদিনমান পূৰ্বে নিৰ্মাণ কৰি দিলে যদিও অতি নিম্নখাপৰ সামগ্ৰী ব্যৱহাৰ কৰি কামটো সমাপন কৰে। ফলত শিলগুটি সমূহ উঠি গৈছে। স্থানীয় ৰাইজৰ অভিযোগ,বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো, লিখিত অভিযোগ দিয়াৰ পিছতো আজি পৰ্যন্ত কোনো বিভাগীয় লোক পথটো পৰিদৰ্শনৰ বাবে উপস্থিত নহ’ল ৷ যত নেকি পথটোৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়l
ইফালে, জনৈক পৰিমলে নিৰ্মাণ কৰা নৱপুৰ-জাপৰিগুৰি হৈ বি জি ৰোডলৈ আন এটা পকী পথো একেধৰণৰ নিম্নমানৰ কাম কৰাৰ অভিযোগ আছে ৷ মুঠৰ ওপৰত সমগ্ৰ বিশ্বনাথ চাৰিআলিতে বহুকেইটা পথ নিৰ্মাণৰ কাম হাতত লৈ দুৰ্নীতিৰ পোহাৰ মেলি আহিছে লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ পৰিমল শইকীয়াই ৷কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷চকুমুদা কুলিৰ ভাৱত বিভাগীয় অভিযন্তা !নিম্নমানৰ কাম কৰি লুণ্ঠন চলোৱা এই পৰিমল শইকীয়াক দুৰ্নীতি কৰাৰ লাইচেন্স কোনে প্ৰদান কৰিলে সেয়া এক ডাঙৰ সাথৰ!!
ইফালে ৰাইজে পথটো অতি সোনকালে পুনঃ নিৰ্মাণ কৰি দিয়াৰ দাবী জনাইছে।
Leave a Reply Cancel reply