ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ডি এন এ এনালাইজাৰলৈ ২০২৩ চনৰ অষ্টম ই-নৰ্থ ইষ্ট বঁটা

গুৱাহাটী, ৩০ নৱেম্বৰ, ২০২৩: অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ডি এন এ এনালাইজাৰে (DNA Analyzer) স্বাস্থ্য আৰু সুস্থতা শাখাৰ অধীনত ২০২৩ চনৰ অষ্টম ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিছে। যোৱা ২৫ নৱেম্বৰত গুৱাহাটীত কাউন্সিল ফৰ ছ’চিয়েল এণ্ড ডিজিটেল ডেভেলপমেণ্ট (চি এছ ডি ডি), ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন (ডি ই এফ) আৰু নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত এই ই-নৰ্থ ইষ্ট বঁটা প্ৰদান কৰা হয়। ই-নৰ্থ ইষ্ট বঁটাৰ জৰিয়তে ২০১০ চনৰ পৰা ভাৰতৰ  উত্তৰ-পূব অঞ্চলত বহনক্ষম উন্নয়নৰ বাবে উদ্ভাৱনী মূলক ডিজিটেল সমাধানক স্বীকৃতি আৰু প্ৰচাৰ কৰি আহিছে।

     স্বাস্থ্য আৰু সুস্থতা শাখাত এই বঁটা প্ৰদান কৰা হয় অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ অণুবিদ্যুৎ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপিকা ড° হেমাশ্ৰী বৰদলৈৰদ্বাৰা সৃষ্ট ডি এন এ এনালাইজাৰক।  ই এটা ৱেব ভিত্তিক ডি এন এ ক্ৰমবিন্যাস সঁজুলি যিটো ৰোগ ধৰা পেলোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।   ড° হেমাশ্ৰীয়ে ই- নৰ্থ ইষ্ট এৱাৰ্ডৰ আয়োজকসকলক সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে কৰা তেওঁৰ গৱেষণামূলক কামক স্বীকৃতি দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ লগতে কয় যে ই তেওঁক সমাজৰ উন্নতিৰ বাবে গৱেষণা অব্যাহত ৰাখিবলৈ প্ৰেৰণা দিব।

About ড° বুলজিৎ বুঢ়াগোহাঁই, লেখক, কেৰিয়াৰ পৰামৰ্শদাতা 14 Articles
Buljit Buragohain has been awarded the degree of Doctor of Philosophy (Ph.D.) by the Indian Institute of Technology Guwahati (IITG) for his thesis “Thermodynamic Optimization of Biomass Gasification”. He completed his doctoral research under the joint supervision of Dr. V.S. Moholkar, Department of Chemical Engineering, and Prof. P. Mahanta, Department of Mechanical Engineering, IIT Guwahati. He is the son of Mr. Nomal Buragohain and Late Saruj Dihingia, of Bhehpara Gaon, Dhemaji. ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ পৰা বুলজিৎ বুঢ়াগোহাঁইয়ে ডক্টৰেট ডিগ্রী লাভ কৰিছে। এওঁ উক্ত প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহযোগী অধ্যাপক ড° ভি এছ মোহলকাৰ আৰু মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক পি মহন্ত অধীনত গৱেষণা কৰিছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল “Thermodynamic Optimization of Biomass Gasification”. এওঁ ধেমাজি জিলাৰ ভেহপৰা গাওঁ নিবাসী শিক্ষক নোমল বুঢ়াগোহাঁই আৰু প্রয়াত শিক্ষয়িত্রী সৰোজ দিহিঙ্গীয়াৰ পুত্র।"

Be the first to comment

Leave a Reply

Your email address will not be published.


*