ভাৰতীয় সেনৰ ২৪৩ সংখ্যক কৰ্পছ অফ ইঞ্জিনিয়াৰ দিৱস উদযাপন

■ ভাৰতীয় সেনাই আজি ২৪৩ সংখ্যক কৰ্পছ অফ ইঞ্জিনিয়াৰ দিৱস পালন কৰিছে। এই উপলক্ষে ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেয়ে সকলো পদবী, প্ৰাক্তন সেনা আৰু পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰে।

কৰ্পৰ অভিযন্তা-ইন-চীফ লেফটেনেণ্ট জেনেৰেল অৰবিন্দ ৱালিয়াই কয় যে কৰ্পছ অৱ ইঞ্জিনিয়াৰছে সশস্ত্ৰ বাহিনী আৰু অন্যান্য প্ৰতিৰক্ষা সংগঠনৰ বাবে আন্তঃগাঁথনি বিকাশ কৰাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণক সহায় আগবঢ়োৱাৰ উপৰিও দেশৰ চাৰিওফালে সংযোগ বৰ্তাই ৰাখে।

কৰ্পৰ কাম চাৰিটা স্তম্ভৰ জৰিয়তে সম্পাদন কৰা হয় – কমবেট ইঞ্জিনীয়াৰ, মিলিটেৰী ইঞ্জিনীয়াৰ সেৱা, বৰ্ডাৰ ৰোড অৰ্গেনাইজেচন আৰু মিলিটেৰী ছাৰ্ভে।

কৰ্পছ অফ ইঞ্জিনিয়াৰৰ মূলত তিনিটা গোট আছিল। মাদ্ৰাজ চেপাৰচ, বেংগল চেপাৰআৰু বোম্বাই চেপাৰ। ১৯৩২ চনৰ ১৮ নৱেম্বৰত কৰ্পছত একত্ৰিত কৰা হৈছিল।

Be the first to comment

Leave a Reply

Your email address will not be published.


*