31.3 C
Guwahati
Monday, November 10, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথত অৰুণোদয় কাৰ্ড বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে সাংসদ পল্লৱলোচন দাসে

    বিশ্বনাথত অৰুণোদয় কাৰ্ড বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে সাংসদ পল্লৱলোচন দাসে

    কেইবা হাজাৰ হিতাধিকাৰীৰ উপস্থিতিত অনুষ্ঠিত হ’ল ৰাজহুৱা সভা

     

    বিশ্বনাথ চাৰিআলি, ১১ অক্টোবৰ,

    বিশ্বনাথ জিলাতো আজি অৰুণোদয় ২.o আঁচনিৰ অধীনত নিৰ্বাচিত কৰা হিতাধিকাৰী সকলৰ মাজত অৰুণোদয় কাৰ্ড বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনৰ সমিপৰ খেল পথাৰত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত নিৰ্বাচিত হিতাধিকাৰী সকলৰ মাজৰে দহ গৰাকীক অৰুণোদয় কাৰ্ড প্ৰদান কৰি এই কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে। বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংসদ পল্লৱলোচন দাসে অৰুণোদয় কাৰ্ড বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি প্ৰদান কৰা ভাষণত কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমান চৰকাৰখনে মহিলা সবলীকৰণেৰে পৰিয়াল তথা অসমৰ সৱলীকৰণৰ ক্ষেত্ৰত প্ৰভূত গুৰুত্ব প্ৰদান কৰিছে ।

    উল্লেখ্য যে, অৰুণোদয় ২.o আঁচনিয়ে বিশ্বনাথ জিলাত সামৰি লোৱা মুঠ ১২০১৮ গৰাকী হিতাধিকাৰী উপকৃত হ’ব । তথ্য অনুসৰি জিলাখনৰ তিনিটা সমষ্টি ক্ৰমে বিশ্বনাথ, বিহালী আৰু গহপুৰ সমষ্টিৰ পৰা ৪০০৬ গৰাকীকৈ হিতাধিকাৰী নিৰ্বাচন কৰা হৈছে আৰু মুঠ ১২০১৬ গৰাকীয়ে অভিলাষী অৰুণোদয় আচঁনিৰ অধীনত সুবিধা লাভ কৰিব। পৰৱৰ্তী পৰ্যায়তো জিলা আয়ুক্তৰ শিতানত নিৰ্বাচিত আৰু তিনি হাজাৰ হিতাধিকাৰীক সামৰি লোৱা হব। আজিৰ অনুষ্ঠানটিত দহ গৰাকী হিতাধিকাৰীক অৰুণোদয় কাৰ্ড প্ৰদান কৰি প্ৰক্ৰিয়াটোৰ শুভাৰম্ভ কৰা হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে বিশ্বনাথত অৰুণোদয় আঁচনিৰ অধীনত ৪৭৫০০ গৰাকী হিতাধিকাৰী উপকৃত হৈ আহিছে আৰু আজি পুনৰ ১২০১৮ গৰাকী হিতাধিকাৰী নতুনকৈ সংযোজিত হৈছে।

    অনুষ্ঠানটিত বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰি বৰ্তমান চৰকাৰখনে নিজা পুঁজিৰে মহিলা সকলৰ কল্যাণৰ বাবে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। যুৱ সাংবাদিক ভাস্কৰজ্যোতি বৰাই আঁত ধৰা আৰু জিলাখনৰ কেইবাহাজাৰ হিতাধিকাৰী আইমাতৃ উপস্থিত থকা এই অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰনি ভাষন প্ৰদান কৰে। অৰুণোদয় আচঁনিৰ সম্পৰ্কে প্ৰস্তুত কৰা এটি ভিডিঅ প্ৰদৰ্শন কৰা অনুষ্ঠানটিত অসম পশুধন উন্নয়ন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতী,
    সমাজকৰ্মীসকল ক্ৰমে পংকজ বৰা, দিগন্ত ঘাটোৱাৰ, মোহন মহন্ত, অশোক ভট্টৰায়, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, পিছপৰা জাতি পৰিষদৰ উপাধ্যক্ষ ডা:ৰঞ্জন গগৈ, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্তদ্বয় ধ্ৰুৱজ্যোতি দাস, মানস কুমাৰ শইকীয়া, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা, বিশ্বনাথৰ নিৰ্বাচনী বিষয়া প্ৰতীশা দত্ত, বিশ্বনাথৰ চক্ৰ বিষয়া তৃষ্ণা মিপুন, সহকাৰী আয়ুক্তসকল ক্ৰমে পুষ্পাংকৰ পাতিৰ, সৃষ্টি কলিতা, বিচিত্ৰা দাস, চয়নিকা হাজৰিকা আদিৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকল উপস্থিত আছিল ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds