বিহালীত গাওঁ পঞ্চায়ৰ অবাধ দুৰ্নীতি Video

বিহালীত গাওঁ পঞ্চায়ৰ অবাধ দুৰ্নীতি :ফুটুকাৰ ফেনত পৰিণতি গ্ৰামোন্নয়ন বিভাগ : দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীল নীতি ধোঁৱা চাঙত :

 

বিশ্বনাথ ৬ অক্টোবৰ :

ফুটুকাৰ ফেনত পৰিণত হৈছে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ।
এতিয়া যেন বিভাগটোৰ ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সহনশীলতা হে দেখা গৈছে তাৰে ছবি দেখিবলৈ পোৱা গৈছে বিহালী সমষ্টিত।

উল্লেখযোগ্য যে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ একাংশ গাওঁ পঞ্চায়তৰ চৰকাৰী বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিৰ নেতৃত্বত চৰকাৰী আচঁনি ৰূপায়ণৰ নামত অবাধ দুৰ্নীতিৰ আশ্ৰয় লৈছে ।

এক প্ৰকাৰে কবলৈ গ’লে
দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে বিহালী সমষ্টিৰ অধিকাংশ গাঁও পঞ্চায়ত।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিমানেই দুৰ্নীতি বন্ধ কৰিবলৈ প্ৰচেষ্টা চলাইছে সিমানেই যেন বিহালী সমষ্টিৰ একাংশ পঞ্চায়তৰ প্ৰতিনিধি আৰু জিলা পৰিষদৰ প্ৰতিনিধি লগতে পঞ্চায়ত সচীব লিপ্ত হৈছে চৰকাৰী আচঁনি ৰূপায়ণৰ দুৰ্নীতিত। বিশেষকৈ দুৰ্নীতিৰ ভূ স্বৰ্গত পৰিণত হৈছে বুলি কলেও ভুল নহ’ব বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ একাংশ গাঁও পঞ্চায়ত।

 

সমষ্টিটোৰ অধিকাংশ পঞ্চায়ততে এতিয়া চৰকাৰী আঁচনি ৰূপায়ণৰ নামত চলিছে ব্যাপক কেলেংকাৰী দুৰ্নীতি অভিযোগ ।
বিশেষকৈ সমষ্টিটোৰ একাংশ গাওঁ পঞ্চায়ত সচীব আৰু সভাপতি লগতে বিহালী উন্নয়ন খণ্ডৰ অভিযন্তা জড়িত থকা অভিযোগ উঠিছে এই দুৰ্নীতিত।

অভিযোগ অনুসৰি বিহালী খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত বিহমাৰী বন্দনা প্ৰাথমিক বিদ্যালয় খনৰ আভ‍্যন্তৰিন উন্নয়নৰ নামত ২০২১-২০২২ বৰ্ষত
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আচঁনি
(MGNREGA) অধিনত বিদ্যালয় খনৰ চৌহদত মাটি ভৰোৱা কামৰ বাবে ৯ লাখ ৫৫ হাজাৰ ৬৯ টকা এখন আচঁনি আবন্টন দিছিল। কিন্তু ৰহস্য জনক কথাটো হ’ল দুই তিনি গাড়ী মাটি পেলাই কামটো বন্ধ ৰখা লগতে আচঁনি সম্পূৰ্ণ নকৰাকৈ অধিকাংশ ধন পঞ্চায়ত প্ৰতিনিধিয়ে খৰছ কৰা অভিযোগ উঠিছে। অভিযোগ অনুসৰি পঞ্চায়টোৰ দায়িত্বত থকা সচীব বৰুৱা আৰু অভিযন্তা গৰাকীয়ে মিলি ইতিমধ্যে প্ৰায় ৬ লাখ ৫৫ হাজাৰ টকা খৰছ কৰিলে যদিও সেই টকা অনুসৰি আচঁনি খন সফল হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।
ৰাইজৰ অভিযোগ আচঁনিত মাত্ৰ ২৫ পৰা ৩০ হাজাৰ টকা হে খৰছ কৰিছে তাৰ অধিকাংশ ধন পঞ্চায়তটোৰ সচীব আৰু অভিযন্তা গৰাকীৰ পকেটত সোমাইছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে।

 

ইফালে আচঁনি খনৰ নামত মাত্ৰ বাকী থকা ২ লাখ ৬২ হাজাৰ পকা শীঘ্ৰে খৰছ কৰি আচঁনি সফল কৰিবলৈ দাবী জনাই বিহালী খণ্ড উন্নয়ন বিষয়াক । ইফালে আচঁনি খনৰ ৬ লাখ ৫৫ হাজাৰ টকা আচঁনি খন ৰূপায়ণৰ নামত যি খৰছ কৰিছিল পঞ্চায়তটো সচীব আৰু অভিযন্তা গৰাকীয়ে তাৰো এক উচিত তদন্ত দাবী জনাই ৰাইজে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*