টংলাৰ কালিবাৰী শিশু নিকেতন প্ৰাথমিক বিদ্যালয়ত পুথিভঁৰাল শুভ উদ্বোধন

◊ টংলাৰ পৰা চিন্ময় ডেকাঃ ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ নবীনপল্লীস্থিত কালিবাৰী শিশু নিকেতন প্ৰাথমিক বিদ্যালয়ত আজি এটি শিশু পুথিভঁৰাল শুভ উদ্বোধন কৰে শিক্ষা বিভাগৰ ডি আই ডি ভূমিধৰ বড়োৱে। তেওঁ পুথিভঁৰাল শুভ উদ্বোধন কৰি মনোভাব ব্যক্ত কৰি কয় যে- ‘টংলাবাসীৰ বাবে এটা ভাল খবৰ, বহুদিনীয়া এটা অভাৱ পূৰণ হ’ল। কিয়নো এই পুথিভঁৰলে আমাৰ ছাত্র ছাত্ৰী জীৱনলৈ এটি আশাৰ ৰেঙণি কঢ়িয়াই আনিব।’

‘বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা পাঠ্যপুথিৰ বাহিৰেও আমাৰ ছাত্র-ছাত্ৰী সকলে অতিৰিক্ত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ’ব এই পুথিভঁৰালটিৰ পৰা। জ্ঞান অবিহনে জীৱনটো আধৰুৱা, সেয়েহে আমি সকলোয়ে জ্ঞান অৰ্জন কৰিবলৈ পুথি অধ্যয়ন কৰিব লাগিব আৰু আনকো পঢ়িবলৈ উৎসাহ-প্ৰেৰণা দিব লাগিব, তেতিয়াহে আমাৰ সমাজ খনৰ এটি সুন্দৰ বাতাবৰণ সৃষ্টি হ’ব’ বুলি ব্যক্ত কৰে ওদালগুৰি জিলা বুনিয়াদী স্বাক্ষৰ মিছনৰ পৰামৰ্শ দাতা ডঃ সুভাষ ৰাভাই।

নিপুণ অসমৰ যাত্ৰা সফল দিশলৈ আগুৱাই গৈছে বুলি মতপ্ৰকাশ কৰাৰ লগতে কালিবাৰী শিশু নিকেতন প্ৰাথমিক বিদ্যালয়ত আজি শুভাৰম্ভ হোৱা পুথিভঁৰালটি জ্ঞানৰ ভাণ্ডাৰলৈ পৰিগণিত হ’ব। পুথিভঁড়াল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ক্ৰমে বিদ্যালয় খনৰ প্ৰধান শিক্ষক সজল দাস, দীপা সৰকাৰ, ৰুমী সৰকাৰ, ডি পি অ’ ভণীতা দেৱী, টংলা মণ্ডল সমল কেন্দ্ৰৰ চি আৰ চি সবিতাৰাণী মহলিয়াৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্র-ছাত্ৰীসকলে।

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*