গোলকীকৰণৰ প্ৰভাৱত মাতৃভাষাৰ বহু শব্দ হেৰাই যাবলৈ ধৰিছেঃ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী
টংলাৰ পৰা চিন্ময় ডেকাঃ গোলকীকৰণ প্ৰভাৱত আমাৰ নিজৰ ভুলৰ বাবে মাতৃভাষাৰ মাজৰ পৰা বহু শব্দ হেৰাই যাৱলৈ ধৰিছে। গতিকে সকলোৱে নিজৰ ভাষা, শব্দৰ শুদ্ধ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হ’বই লাগিব। মাতৃভাষা শুদ্ধকৈ ক’ব নোৱাৰিলে আমি লাজ পোৱা উচিত ৷ নিজৰ মাতৃভাষা যদি শুদ্ধকৈ নিশিকো আন কোনো ভাষা শুদ্ধকৈ শিকিৱ নোৱাৰো।
টংলা সাহিত্য সভা আৰু নেচনেল পায়’নিয়ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ উদ্যোগত আজি দিনৰ ১১বজাত নেচনেল পায়’নিয়ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শ্ৰেণী কোঠাত অনুষ্ঠিত বিশিষ্ট ভাষাবিদ, বৰেণ্য পণ্ডিত দেৱেন দত্ত স্মাৰক বক্তৃতানুষ্ঠাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকাৰ কৰি বিশিষ্ট গল্পকাৰ জয়ন্ত কুমাৰ চক্ৰৱৰ্তীয়ে এইদৰে কয়।
শিক্ষাৰ্থীক উদ্দেশ্যি তেখেতে কয় মাতৃভাষাক ভাল পাব লাগিব। মাতৃ ভাষাৰ প্ৰতি শ্ৰদ্ধা,ভক্তি আৰু ভালপোৱা থাকিব লাগিব। বিশিষ্ট ভাষাবিদ দেৱেন দত্ত স্মাৰক বক্তৃতানুষ্ঠাত অংশগ্ৰহণ কৰি তেখেতে দেবেন দত্তদেৱৰ গুণানুকীৰ্তনো কৰে। টংলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰাই আঁত ধৰা উক্ত অনুষ্ঠানত বিশিষ্ট কবি ঘটেশ্বৰ বৰুৱা, টংলা সাহিত্য সভাৰ সভাপতি চন্দ্রপ্ৰভা দত্ত, নেচনেল পায়নিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ পাৰভিজুল ইছলাম, সাংবাদিক নাৰায়ণ ডেকা, শিক্ষক শ্যামল দাস, টংলা প্ৰেছ ক্লাবৰ সভাপতি ফটিক ৰাভা, সদস্য চিন্ময় ডেকা লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
Leave a Reply