বিশ্বনাথৰ বৰপাম কাচিতাৰত কৰম উৎসৱ উদযাপন

♦ বিশ্বনাথৰ বৰপাম কাচিতাৰ গাঁৱত উদযাপন কৰা হয় দ্বিতীয় বাৰ্ষিক কৰম উৎসৱ৷ গাঁৱৰ কৰমতী সকলে ৫ দিন ধৰি উপবাসত থাকি নদীঘাটৰ পৰা বালি উঠাই থাপনা স্থাপনেৰে পূজা আৰাধনা কৰে৷ সন্ধিয়াৰ ভাগত গাঁৱৰ ডেকা-গাভৰুকে প্ৰমুখ্য কৰি সকলোৱে গীত-নৃত্য, ৰং-ধেমালিৰ মাজেৰে কৰমডাল কাটি আনি পূজা স্থলীত স্থাপন কৰে৷

পূজা পাঠ কৰাৰ অন্তত সমাজ সেৱক ঈশ্বৰ পাতৰে কৰমতী সকলৰ মাজত কৰম কাহিনী শ্ৰৱণ কৰাই৷ ইয়াৰ পাছত কণ্ঠ শিল্পী নৰেন পানতাঁতীয়ে আখড়া উদ্ধোধন কৰাৰ লগে লগে স্থানীয় তথা আমন্ত্ৰিত ঝুমইৰ দলে গীত-নৃত্য পৰিবেশন কৰে৷ আনহাতে কৰম উৎসৱৰ লগত সংগতি ৰাখি এক সম্বৰ্দ্ধনা সভাৰো আয়োজন কৰে উদ্যোক্তা সকলে৷

বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সমাজ সেৱক তথা সুচিকিৎসক ডাঃ ৰঞ্জন গগৈ, শিক্ষক সমাজ সেৱক অৰুণ বৰদলৈ, হিৰঞ্জন বড়ো, কুকেন পুৰান, টুকা কুৰ্মী, খেদু কুৰ্মী, সুশীল কুৰ্মীকে প্ৰমুখ্য কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়৷ ইয়াৰ পিছতে কণ্ঠশিল্পী নৰেন পানতাঁতীয়ে ঝূমইৰ গীত পৰিবেশন কৰি এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি কৰে৷ ওৰেটো নিশা এইদৰেই গীত-নৃত্যৰ মাজেৰে আনন্দ-স্ফুৰ্তিৰ মাজেৰে পালন কৰা হয় কৰম উৎসৱ৷

বৰপাম কাচিটাৰ মহিলা সমিতিৰ সৌজন্যত অনুষ্ঠিত হোৱা কৰম উৎসৱটি সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে সভানেত্ৰী সৰস্বতী কুৰ্মী, সম্পাদিকা নমিতা কুৰ্মীকে ধৰি আন বিষয়ববীয়াসকলে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*