অসমীয়া প্ৰতিদিন কাকতৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাৰ মহানুভৱতা।
শিলচৰ চৰকাৰী দন্ত মহাবিদ্যালয়ত দন্ত চিকিৎসকৰ পাঠ্যক্রমৰ বাবে নামভর্তিৰ সুবিধা পোৱা গহপুৰৰ তেলৰ চুঙাগাঁৱৰ দৰিদ্র পৰিয়ালৰ মেধাৱী ছাত্র প্ৰকাশ প্ৰধানলৈ ৫ হাজাৰ টকাৰ সাহাৰ্য আগবঢ়াই সাংবাদিক গৰাকীয়ে।
উল্লেখ্য যে কোনো ধৰণৰ কোচিং নোলোৱাকৈ প্ৰকাশ প্ৰধানে সৰ্বভাৰতীয় নীট পৰীক্ষাত ৪২৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে মেধাৱী ছাত্র জনে নামভর্তি বাবে যাবলৈ সন্মুখীন হোৱা আৰ্থিক সমস্যাৰ কথা মাকৰ পৰা জানিব পাৰি নিজে ৫ হাজাৰ টকা দিয়াৰ লগতে তেওঁৰ অধ্যয়নৰ সময় ছোৱাত সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াব বুলিও সাহস আৰু অনুপ্ৰেৰণা যোগায় সাংবাদিক ভাস্কৰ ভূঞাই।
Leave a Reply