পুনৰ ৰাজ্যত মাটি দালাল চক্ৰ সক্ৰিয় :মুখ্যমন্ত্ৰী সকীয়নিলৈ ভয় নকৰে মাটি দালালি চক্ৰই । কুম্ভুকৰ্ণ নিদ্ৰাত অসস আৰক্ষী

Polytechnic College in Narayanpur

পুনৰ ৰাজ্যত মাটি দালাল চক্ৰ সক্ৰিয় :মুখ্যমন্ত্ৰী সকীয়নিলৈ ভয় নকৰে মাটি দালালি চক্ৰই ।
কুম্ভুকৰ্ণ নিদ্ৰাত অসস আৰক্ষী ::

 

ডিজিটেল ডেস্ক অসম খবৰ ৫ জুলাই :

কিছু দিন পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজহৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়া সকলৰ ৰাজ্যিক সন্মিলনত ভাগলৈ মাটিৰ ফাইলৰ কাম অক্টোবৰ মাহৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
সন্মিলনত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিষয়া সকলকে এই দৰে কঠোৰ সকিয়নী দিয়াৰ লগতে ৰাজ্যৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা মাটি দাদালৰাজ বন্ধ নহ’লে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে কাম কৰি যাব বুলি সকিয়াই দিয়া পিছতেই একেই নিশাই ৰাজ্যত ৪০০ অধিক মাটি দালালিক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰি এক চম দেখুৱাইছিল চৰকাৰৰ খনে।

কিন্তু ইয়াৰ পিছতে কেইদিনমান মাটি দালালি কাম কাজ ৰাজ্যত বন্ধ আহিছিল যদিও পুনৰ ৰাজ্যত মাটি দালালি চক্ৰ সক্ৰিয় হোৱা দেখা গৈছে। জে’ললৈ পৰা মুকলি আকাশ তললৈ আহিয়েই পুনৰ নামি পৰিছে মাটি দাদালি চক্ৰটোৰ দালালৰাজ। বিশেষকৈ শোণিতপুৰ জিলাত দেখা গৈছে মাটি দালালি দপদপনি।

শেহতীয়াকৈ জানিব পৰা মতে শোণিতপুৰ জিলা তেজপুৰ ৰাজহ চক্ৰ কাৰ্যালয় অধিনত মাটি বেচা কিনা নামত বহু দৰিদ্ৰ লোকৰ পৰা মাটি দিয়া নামত চক্ৰটোৱে টকা লোৱা বুলি জানিব পৰা গৈছে। বহু লোকক মাটি দিয়া নামত মাটি দেখুৱাই আগধন হিচাপে টকা লৈ দিন ধৰি দিন মাটি দিয়া নামত এক হাৰাশাস্তি দি অহা তথ্য পোহৰলৈ আহিছে। কিন্তু আন এক সূত্ৰ মতে শীঘ্ৰে তেজপুৰৰ কেইজমান মাটি দাদালি চক্ৰটো আৰক্ষী জালত পৰা সম্ভাৱনা আছে বুলি উল্লেখ কৰে। তাৰ বাবে আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান অব্যাহত ৰখা লগতে সেই দালাল চক্ৰটো এখন তালিকা প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*