শেহতীয়া আপডেটঃ

সুৰক্ষিত শৈশৱ, সোণালী অসম বিশ্বনাথত ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ শুভাৰম্ভ

সুৰক্ষিত শৈশৱ, সোণালী অসম

বিশ্বনাথত ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ শুভাৰম্ভ

 

বিশ্বনাথ চাৰিআলি, ১৩ জুন জিলা শিশু সুৰক্ষা গোট, বিশ্বনাথ আৰু জিলা প্ৰশাসনৰ উদ্যোগত অসমৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সহযোগত ‘সুৰক্ষিত শৈশৱ, সোণালী অসম’ শীর্ষক শিশু সুৰক্ষাৰ বাবে ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ কালি বিশ্বনাথতো শুভাৰম্ভ কৰা হয়। বিশ্বনাথৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ৰাজ্যিক প্ৰতিষ্ঠান ( SIPRD)ত এই উপলক্ষে আয়োজন কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীয়ে বন্তি প্ৰজ্বলনেৰে এই ৯০ দিনীয়া অভিযানৰ শুভাৰম্ভ কৰে। নাতিদীৰ্ঘ ভাষণত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া তথা অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সকলোকে সন্মিলিত ভাৱে কাম কৰিবলৈ আৰু এই অভিযানক সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে এই অভিযানত বিশ্বনাথ ৰাজ্যখনৰ ভিতৰতে প্ৰথম হ’ব লাগিব আৰু তাৰ বাবে সকলোৱে কষ্ট কৰিব লাগিব বুলিও সকলোৰে প্ৰতি আহ্বান জনালে। অনুষ্ঠানটিত উপস্থিত থাকি মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া দুলুমনি শইকীয়াই ভ্ৰূন হত্যাৰ ওপৰত, শিশু কল্যাণ সমিতিৰ সভাপতি মতি কুমাৰ নেৱাৰে শিশু কল্যাণৰ বাবে শিশু কল্যাণ সমিতিয়ে ৰূপায়ণ কৰা কৰ্মৰাজীৰ ব্যাখ্যা আগবঢ়ায়। জিলা শিশু সুৰক্ষা বিষয়া তথা জিলা সমাজ কল্যাণ বিষয়া জ্যোতিষ বৰুৱাই এই ৯০ দিনীয়া অভিযান সফল কৰি তোলাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰা এই অনুষ্ঠানত শিশু কল্যাণ সমিতিৰ সদস্যদ্বয় ক্ৰমে জয়ন্ত শৰ্মা আৰু মানসী বৰুৱাই সমাজত শিশু সকল কেনেকৈ হাৰাশাস্তি তথা নিৰ্যাতনৰ সন্মুখীন হয় আৰু তেওঁলোকক উদ্ধাৰ কৰি কেনেকৈ পুনৰসংস্থাপন দিব পৰা যায়, সেই সম্পৰ্কে আলোচনা দাঙি ধৰে। এই অনুষ্ঠানটিত জিলা শ্ৰম বিষয়া নন্দিনী ফুকন, বে- চৰকাৰী প্ৰতিষ্ঠান কুশল বিকাশৰ সভাপতি ৰাণা তাচা, চতিয়াৰ প্ৰকল্প বিষয়া জয় দলে, বিশ্বনাথৰ প্ৰকল্প বিষয়া গকুল শৰ্মাৰ উপৰিও মুখ্য সেৱিকা, অংগনৱাদী কৰ্মী, আশা কৰ্মী, জিলা শিশু সুৰক্ষা গোট আৰু বিশ্বনাথৰ কৰ্ম- কৰ্তাসকল উপস্থিত আছিল আৰু সফলতাৰে অনুষ্ঠানটো সামৰণি পৰা বাবে সমাজকৰ্মী লক্ষীমাই বৰাই সকলোকে শলাগ জ্ঞাপন কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.