ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যাক আৱিৰ্ভাব মহোৎসৱ
সংবাদদাতা ৰঙিয়া ৩০ অক্টোবৰ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলাৰ শাখাৰ উদ্যোগত শংকৰ মাধৱ আঞ্চলিক শাখাৰ সৌজন্যত জলজলী প্ৰাথমিক শাখাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জলজলী প্ৰাথমিক শাখাৰ নামঘৰত আৰম্ভ হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ ৫৭৪ সংখ্যাক আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হয়।
অনুষ্ঠানৰ প্ৰথম দিনাৰ কার্যসূচীত উপস্থিত থাকে স্থানীয় বিধায়ক ভবেশ কলিতা।
উক্ত মহোৎসৱ ভাগত উপস্থিত থাকি মহাপুৰুষ গুৰুজনাই অসমৰ সামাজিক,সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনলৈ আগবঢ়াই থৈ যোৱা সুবিশাল অৱদান-অৰিহনা সন্দৰ্ভত আলোকপাত কৰে বিধায়ক কলিতাই।
উল্লেখযোগ্য যে উক্ত মহোৎসৱত উদযাপন সমিতিৰ বিষয়ববীয়াই কিছুদিন আগতে মহোৎসৱভাগি সাফল্য মণ্ডিত কৰি তুলিবলৈ আয়োজিত এখনি প্ৰস্তুতি সভাত স্থানীয় আই মাতৃ সকলক থলুৱা খাদ্য তথা বস্ত্ৰ সামগ্ৰী প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনাইছিল কলিতাই আৰু উক্ত আহ্বানৰ প্ৰতি সমৰ্থন জনাই স্থানীয় আই মাতৃসকলে তাঁতশালত নিজ হাতে প্ৰস্তুত কৰি উলিওৱা ৩০০ খন গামোছা ৩০০০ হাজাৰটা নাৰিকলৰ লাৰু ৩০০০পিঠাৰ লগতে বিভিন্ন থলুৱা খাদ্য সামগ্ৰী প্ৰস্তুত কৰি উলিওৱা বাবে ধন্যবাদ জনোৱাৰ ওপৰিও কিছু খাদ্যৰ সোৱাদ লয় বিধায়ক কলিতাই।
তাৰোপৰি আগন্তুক দিনবোৰত জলজলী গাঁওবাসী ৰাইজৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে বহুখিনি পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।
দুদিনীয়াকৈ আয়োজিত মহোৎসৱভাগিৰ প্ৰথম দিনাৰ কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তোলা বাবে বাপ বান্ধৱ আই মাতৃ সকলৰ লগতে স্থানীয় জলজলীবাসী ধৰ্মপ্ৰাণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।
Leave a Reply