হাতত দা লৈ সমষ্টিত হাবি-জংঘল পৰিষ্কাৰ কৰিলে বিধায়ক ৰঞ্জিত দত্তই :
বিশ্বনাথ ১৯ ছেপ্টেম্বৰ :
ৰাজ্য আন আন ঠাই লগতে সোমবাৰে বিশ্বনাথৰ বিহালী সমষ্টি বিজেপি কৰ্মী সকলে সেৱা পষেক পালন কৰে ।
সেৱা পষেক উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ তম জন্মদিনৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।
বিহালী সমষ্টিৰ বিজেপি কৰ্মী সকলে সমষ্টিটোৰ বিভিন্ন গাঁও পঞ্চায়ত আৰু ৰাজহুৱা স্থানত হাতে হাতে ঝড়ু, দা লৈ চাফাই অভিযানত নামি পৰে । ইফালে এই চাফাই অভিযানত অসম চৰকাৰৰ প্ৰাক্তন ৰেচম আৰু হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী তথা বিহালী সমষ্টি বিধায়ক ৰঞ্জিত দত্তকো দেখা গ’ল হাতত দা লৈ হাবি জংঘল চাফা কৰা ।
উল্লেখযোগ্য যে সোমবাৰে সমষ্টিটো বিহালী মণ্ডলৰ অন্তৰ্গত বিজেপিৰ কাৰ্মী লগতে বিধায়ক ৰঞ্জিত দত্তই স্বচ্ছ অভিযানৰ জৰিয়তে ঐতিহ্যমণ্ডিত গাংমৌথানৰ পদুম পুখুৰী পাৰত থকা হাবি জংঘ চাফা কৰা লগতে বহু ৰাজহুৱা স্থান পৰিস্কাৰ কৰি তোলা হয় বিজেপি কৰ্মী সকলে।
Leave a Reply