বিশ্বনাথত পি এম কিষান আচঁনিৰ ভূমি তথ্য সংলগ্নকৰণ সম্পৰ্কীয় প্ৰশিক্ষণ

 

বিশ্বনাথ চাৰিআলি, ২৫ আগষ্টঃ

বিশ্বনাথ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আজি জিলাখনৰ কৃষি বিষয়াসকলৰ উপস্থিতিত পি এম কিষান আচঁনিৰ ভূমি তথ্য সংলগ্নকৰণ (Land Record Integration) সম্পৰ্কীয় এক প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত সমল ব্যক্তিৰূপে খানাপাৰাস্থিত কৃষি সঞ্চালক কাৰ্য্যালয়ৰ প্ৰকল্প পৰিচালনা খণ্ড (প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা/ প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি)ৰ জেষ্ঠ পৰামৰ্শদাতা দেৱজিৎ নেওগ উপস্থিত থাকে। অসম গ্ৰাম্য ৰূপান্তৰণ আৰু বানিজ্যকৰণ প্ৰকল্পৰ কাৰ্যবাহী প্ৰকল্প পৰিচালক আফটাব আহমেদে আজিৰ এই পি এম কিষান আচঁনিৰ ভূমি তথ্য সংলগ্নকৰণ সম্পৰ্কেপি এম কিষান আচঁনিৰ সম্পৰ্কে পি এম কিষান আঁচনিখনৰ লগত জড়িত সকলো বিষয়া আৰু কৰ্মচাৰীক বিস্তৃতভাৱে প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ যোগ্য হিতাধিকাৰীসকলক চৰকাৰৰ তৰফৰ পৰা অনতিপলমে তেওঁলোকৰ মাটিৰ তথ্যসমূহ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ তালিকাত সংযুক্ত কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে আৰু ৩১ আগষ্টৰ ভিতৰত এই তথ্য সংযুক্ত কৰিবৰ বাবে চৰকাৰে সময় নিৰ্ধাৰণ কৰি দিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*