মঙলবাৰে বিহালী সমষ্টিৰ বৰগাং আৰু জিনজিয়াত ভাৰতীয় জনতা পাৰ্টীৰ বাঘমৰা মণ্ডল আৰু বিহালী মণ্ডল দুটা স্থায়ী কাৰ্যালয় আধাৰশিলা স্থাপন কৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত দত্তই।
আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বিধায়ক ৰঞ্জিত দত্তই কয়
নিৰ্মাণ হ’বলগীয়া নতুন মণ্ডল কাৰ্যালয় দুটা দলীয় কাম-কাজত অধিক গতিশীলতা আনিব।দলটোৰ কাম কাজ কৰাত অধিক সহায় হ’ব বুলি কোনৱাৰ লগতে মোৰ বহুদিনীয়া আশা এটা নিজ হাতেৰে শুভাৰম্ভ কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত দত্তই।
আধাৰশিলা অনুষ্ঠান উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি,বিশ্বনাথ জিলাৰ সভাপতি পংকজ বৰা,সাঃসম্পাদক অসীম কুমাৰ দাস ,বিহালী আৰু বাঘমৰা মণ্ডলৰ অন্তৰ্গত ৰাজ্যিক,জিলা,মণ্ডল আৰু বুথ পৰ্য্যায়ৰ সকলো কাৰ্য্যকৰ্তাকৰ লগতে জিলা পৰিষদ,গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি সকল ।
Leave a Reply