কঞাকুছি- বাঘমাৰা,পৈচাৰাত ৰাষ্ট্ৰীয় পতাকা বিতৰণগা ::

কঞাকুছি- বাঘমাৰা,পৈচাৰাত ৰাষ্ট্ৰীয় পতাকা বিতৰণগা ::

ওঁৰক্ষী বাহিনীৰ সম্পাদক নাছিকুৰ ৰহমানৰ দেশপ্ৰেমমূলক কৰ্ম

নলবাৰী, ফইজুল হক চৌধুৰী,৯ আগষ্ট:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজচক্ৰৰ অন্তৰ্গত যুৱ সমাজকৰ্মী তথা কভিড মহামাৰীৰ সময়ত বিভিন্ন ধৰণে ৰাইজক সজাগ আৰু সচেতন হোৱাৰ সমান্তৰাল ভাৱে একমাত্ৰ ব্যক্তিগত খৰচত মন্দিৰ,মহজিদ, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে প্ৰায় সংখ্যক মানুহৰ ঘৰলৈ গৈ নিজৰ উপাৰ্জিত ধন আৰু নিজা পৰিশ্ৰমেৰে ৰাইজক সহায় কৰি আহিছে।

সৌ সিদিনা ঘগ্ৰাপাৰত অপহৰণকাৰীয়ে দলংৰ কাষত পেলাই থৈ যোৱা চাৰিমহীয়া কেঁচুৱা এটিও আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি পিতৃ মাতৃক হাতত তুলি দি নলবাৰী বাসী ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল নাচিকুৰ ৰহমানে।যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক একোটাকৈ কলম উপহাৰ দি সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছিল নাচিকুৰ ৰহমানে।

ঠিক আগৰ দৰে আগন্তুক ১৫ আগষ্টৰ প্ৰাক্ষনত দুখীয়া শ্ৰেণীৰ পৰিয়াল তথা কঞাকুছি বাঘমাৰা,পৈছাৰাত গাওঁৰক্ষী বাহিনীৰ সম্পাদক নাছিকুৰ ৰহমানে একোখন কৈ ৰাষ্ট্ৰীয় পতাকা হাতত তুলি দি দেশপ্ৰেমীৰ পৰিচয় দিছে।
সাধাৰণ চাইকেল মেকানিক এই যুৱকজনে নিজৰ ঘৰখন চলোৱাৰ লগতে ৰাইজৰ দুই এটি ভাল কাম কৰি সমাজত সমাদৰ বুলিবলৈ সক্ষম হৈছে।
মানৱদৰদী,সাহসী আৰু সমাজকৰ্মী এইগৰাকী যুৱকক ঘগ্ৰাপাৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰক এটি পুৰস্কাৰেৰে পুৰস্কৃত কৰিবলৈ আহ্বান জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*