♦টিহু : “বিজেপি~অগপ মিত্ৰজোঁটে অসমত পুনৰ চৰকাৰ গঠন কৰাটো একশ শতাংশই নিশ্চিত । ৰাজ্যখনৰ দ্ৰুত উন্নয়ন আৰু দুৰ্নীতিমুক্ত এখন অসম গঢ়াৰ বাবেই ৰাইজে বিজেপি–অগপৰ মিত্ৰজোঁটক পুনৰ আদৰি ল’ব ।” অগপ নেতা অমিয় কুমাৰ দাসে ২৮ ফেব্ৰুৱীৰীত টিহুত অগপৰ এখন দলীয় সভাত এইদৰে কয় । অগপৰ পাটাছাৰকুছি বিধান পৰিষদৰ অন্তৰ্গত টিহু নগৰ পৰিষদ, মথুৰাপুৰ, মাখিবাহা, জলখানা ভঠুৱাখানা পঞ্চায়ত পৰিষদৰ যৌথ উদ্যোগত আৰু পাটাছাৰকুছি বিধান পৰিষদৰ সহযোগত টিহুৰ হাটখলাত অনুষ্ঠিত মাণ্ডলিক বুথ সন্মিলনত ভাষণ আগবঢ়াই অগপ নেতা দাসে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক পবিন্দ্ৰ ডেকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে । অগপৰ টিহু নগৰ পৰিষদৰ সভাপতি চাণক্য চৰণ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত ভাষণ আগবঢ়াই অগপ নেতা ডঃ ৰঞ্জিত ডেকাই তৃণমূল পৰ্যায়ৰ অগপ কৰ্মীসকলক অগপৰ নীতি আদৰ্শ ৰাইজৰ মাজলৈ নিবলৈ আহ্বান জনায় । তেওঁ অগপ দলক ব্ৰহ্মপুত্ৰ নদীৰ দৰে বিশাল বুলি অভিহিত কৰি এই দলে সকলোৰে আশা আকাংক্ষা পূৰণ কৰিব বুলি মন্তব্য কৰে । ভাষণ প্ৰসংগত তেওঁ অসম আন্দোলনৰ স্মৃতি ৰোমন্থন কৰি অসম চুক্তি স্বাক্ষৰৰ পাছত অগপ দল জন্ম হোৱাৰ ইতিহাস দোহাৰে । ভাষণ প্ৰসংগত তেওঁ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক পবিন্দ্ৰ ডেকাকো কঠোৰ ভাষাৰে সমালোচনা কৰে ।
Leave a Reply Cancel reply