ধুবুৰীৰ আটানী ৰথ যাত্ৰা উদযাপন সম্পূৰ্ণ ::
অসম খবৰ ধুবুৰী ১০ জুলাই ::
প্ৰভু জগন্নাথ দেৱৰ উলোটা ৰথ(বাহুৰা যাত্ৰা মাহীয়েকৰ ঘৰ আৰ্ট অৱ লিভিং আশ্ৰমৰ পৰা পোনেনয়ানি বজাৰ বাৰোৱাৰী মন্দিৰ পৰিক্ৰমা কৰি স্থানীয় ধিনেছ ৰায় আৰু শ্ৰীয়ুক্ত বিশ্বনাথ কৰ্মকাৰ দেৱদ্বৰ ঘৰত সুকলমে সম্পূৰ্ণ হয় ।
উল্লেখযোগ্য যে ১জুলাই পৰা ৰথ টানি ৮ দিনৰ পিছত আজি পুনৰ শ শ ভক্ত সকলৰ উপস্থিতি আৰ্ট অৱ লিভিং আশ্ৰমৰ পৰা পোনেনয়ানি বজাৰ বাৰোৱাৰী মন্দিৰ পৰা জগন্নাথ পভু ৰথত মাহিৰ ঘৰৰ পৰা উলোটা নিজৰ ঘৰলৈ উভতি যায়।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে
বিলাসীপাৰা মহকুমাধিপতি দেৱ, আৰ্ট অৱ লিভিং আশ্ৰমৰ ব্ৰহ্মচাৰী অচ্যুত সত্তাধিকাৰী,
আৰ্ট অৱ লিভিং আশ্ৰমৰ সদস্য মানস ভট্টাচাৰ্য,
অমিতাভ ভট্টাচাৰ্যী, সাহাজাহান আলী, আৰু ৰথৰ উদ্যোগতা মহিলা সমিতিৰ সম্প্ৰদায়,
ধুবুৰী ৰ পৰা আলী আজাত ইছলামৰ প্ৰতিবেদন ।
Leave a Reply