বিশ্বনাথত সাংবাদিকৰ বাবে কোভিড-১৯ৰ প্ৰতিষেধক শিবিৰ

বিশ্বনাথত সাংবাদিকৰ বাবে কোভিড-১৯ৰ প্ৰতিষেধক শিবিৰ

বিশ্বনাথ  ৮ জুলাইঃ বিশ্বনাথ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত আজি সাংবাদিক সকলৰ বাবে অনুষ্ঠিত হয় কোভিড-১৯ প্ৰতিষেধক(বুষ্টাৰ ড’জ) টিকা প্ৰদানৰ এটি শিবিৰ। বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত বিশেষকৈ বিশ্বনাথৰ সাংবাদিক সকলৰ বাবে দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা এই শিবিৰত বহু কেইগৰাকী সাংবাদিকে কোভিড-১৯ ৰ তৃতীয় পালি(বুষ্টাৰ ড’জ)প্ৰতিষেধক গ্ৰহন কৰে। জিলাখনৰ স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰদান কৰা এই প্ৰতিষেধক প্ৰদান শিবিৰ আয়োজনৰ ক্ষেত্ৰত জিলাৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকদাৰ ডাঙৰীয়ানীয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, ইতিমধ্যে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে জিলাখনত বিভিন্ন ঠাইত এনেদৰে প্ৰতিষেধক প্ৰদান শিবিৰ অনুষ্ঠিত কৰি বিষয়া কৰ্মচাৰীৰ লগতে বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ মাজত যোগ্যতা অনুসৰি কোভিড-১৯ ৰ প্ৰথম, দ্বিতীয় আৰু সতৰ্কতামূলক প্ৰতিষেধকৰ পালি প্ৰদানৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*