31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ

    ২০২০ চনত প্ৰতিষ্ঠা লাভ কৰি সুস্থ বিদ্যায়তনিক পৰিৱেশৰ মাজেৰে অতি কম সময়ৰ ভিতৰতে উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰত জিলিকি উঠা গহপুৰৰ আগশাৰী আৱাসীক শৈক্ষিক প্ৰতিষ্ঠান শংকৰদেৱ শিক্ষা নিকেতন (গহপুৰ)ৰ সন্তোষজনক ফলাফলে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰথম বাৰৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অবৰ্তীণ হোৱা বিদ্যালয়খনৰ প্ৰথমটো দলে আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ হৈ শংকৰদেৱ শিক্ষা নিকেতনৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে।

    উল্লেখযোগ্য যে কলা আৰু বিজ্ঞান শাখাত বিদ্যালয়খনৰ পৰা মুঠ ৭২ গৰাকী পৰীক্ষাৰ্থী অবৰ্তীণ হৈছিল।ঘোষিত ফলাফলত ৭২ গৰাকীৰ ভিতৰত ৭১ গৰাকীয়ে প্ৰথম বিভাগ আৰু এগৰাকীয়ে লাভ কৰে দ্বিতীয় বিভাগ। প্ৰথম বিভাগ পোৱা ৭১ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩৯ গৰাকীয়ে লাভ কৰে ষ্টাৰ নম্বৰ।

    ইয়াৰে কলা শাখাত অবৰ্তীণ হোৱা ২৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২৯ গৰাকীয়েই প্ৰথম বিভাগ লাভ কৰাৰ লগতে ইয়াৰে ২১ গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰে ষ্টাৰ নম্বৰ। একেদৰে বিজ্ঞান শাখাত ৪৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৪২ গৰাকীয়ে প্ৰথম বিভাগ আৰু এগৰাকী পৰীক্ষাৰ্থীয়ে দ্বিতীয় বিভাগ লাভ কৰে। ইয়াৰ ভিতৰত ১৮ গৰাকী পৰীক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰি মেধাৰ পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈছে।

    উল্লেখযোগ্য যে শংকৰদেৱ শিক্ষা নিকেতনে ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমকে প্ৰাধান্য দি শিক্ষাদান যে দি আহিছে সেই কথা আজি ঘোষিত ফলাফলে স্পষ্ট কৰি তুলিছে।কাৰণ কলা আৰু বিজ্ঞান শাখা মিলাই ইংৰাজী বিষয়ত ৩৮ গৰাকী, অলটাৰনেটিভ ইংৰাজীত ২১ গৰাকীয়ে আৰু অসমীয়া বিষয়ত ৩৩ গৰাকী পৰীক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

    কলা শাখাত ষ্টাৰ নম্বৰ লাভ কৰা সকল হৈছে-বৰষা ৰাণী বৰুৱা(৮৫.৮০%),বিজন বৰা(৭৯.৪০%),বিশাল হাজৰিকা(৮৮.৮০%),বৃস্মিতা শইকীয়া(৮১.২০%),চয়ন তালুকদাৰ(৭৮.৮০%),গীতম প্ৰতীম দাস(৯১.৪০%),জ্ঞানশ্ৰী বৰা(৮১.২০%),হিৰণ্য হাজৰিকা(৭৫.২০%),হৃষিকেশ গোস্বামী(৭৭.৪০%),জত্ৰীক ভূঞা(৮৫.২০%),যুগান্ত বৰা(৮৫.৮০%),কৌস্তৱ মণি শইকীয়া(৮৬.৬০%),লিজা কাকতি(৭৯.২০%),নিলোৎপল মণ্ডল(৭৫.৬০%),প্ৰিয়াংশু শৰ্মা(৭৬.৬০%),শৰৎ কুটুম(৭৬%),শ্ৰুতি কণ্ঠ পৰাশৰ(৭৮.৬০%),সুনীল ছেত্ৰী(৮৫.৮০%),স্বাগতা গোস্বামী(৮৭%),টিনা কোঁৱৰ(৭৫.৪০%) আৰু ত্ৰিদিপ বৰা(৮১.৪০%)।

    একেদৰে বিজ্ঞান শাখাত অচিন পেগু(৭৮.২০%),ভাৰ্গৱ জ্যোতি গৌতম(৭৮.৮০%),চন্দ্ৰপল পাটগিৰি(৮৬.২০%),দীপিকা ভূঞা(৭৯.৪০%),দীপশিখা ভূঞা(৭৫%),ইমন বৰা(৭৬.৬০%),গৌৰৱ জ্যোতি শইকীয়া(৭৫.২০%),হিমাশ্ৰী বৰুৱা(৭৫.২০%),কংকনা হাজৰিকা(৭৫.৬০%),কৰণ কুমাৰ দাস(৭৫%),কুনাল সিঙ ৰাথোৰ(৮৭.২%),কুনালজিৎ কাশ্যপ(৮১%),মানস প্ৰতীম গোস্বামী(৮৯.২%),নিলোৎপল ৰাজখোৱা(৭৫%),নৃজ্যোতি দাস(৭৫.৮০%),নুপুৰ মিলি(৮৫.৬০%),প্ৰৱেশ শৰ্মা(৮১%) আৰু পূৰ্ব প্ৰতীম মহন্ত(৮২.৮০%)ই ষ্টাৰ নম্বৰ লাভ কৰি কৃতীত্বৰ অধিকাৰী হোৱাৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।বিদ্যালয়খন প্ৰতিষ্ঠাকালৰ প্ৰথমটো পৰীক্ষাৰ প্ৰথমটো দলৰ আশাপ্ৰদ সাফল্যত সন্তোষ প্ৰকাশ কৰিছে শংকৰদেৱ শিক্ষা নিকেতনৰ পৰিচালন সঞ্চালক উদয় আদিত্য গোস্বামী আৰু অধ্যক্ষ জয়ন্ত শইকীয়াই।

    এইক্ষেত্ৰত নিজা প্ৰতিক্ৰিয়াত তেওঁলোকে কয় যে এয়া সমূহীয়া প্ৰচেষ্টাৰ মধুৰ ফল। আগলৈ যাতে বিদ্যালয়খনে আৰু অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হয় তাৰ বাবে তেওঁলোকে আৰু কষ্ট আৰু পৰিশ্ৰম কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।বিদ্যালয়খনৰ প্ৰথমটো পৰীক্ষাৰ্থী দলৰ সন্তোষজনক ফলাফলত গহপুৰ মহকুমাৰ বৌদ্ধিক সমাজে যথেষ্ট আনন্দ প্ৰকাশ কৰাৰ লগতে বিদ্যালয়খনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে।

    সংগ্ৰহ প্ৰতিদিন ডিজিটেল

     

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds