31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    গুপ্তকাশী খ্যাত বিশ্বনাথৰ সৈতে সম্পৰ্ক বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী  দ্ৰৌপদী মুৰ্মুৰ পদাৰ্পণ 

    গুপ্তকাশী খ্যাত বিশ্বনাথৰ সৈতে সম্পৰ্ক বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী  দ্ৰৌপদী মুৰ্মুৰ পদাৰ্পণ

    তেতিয়া ২০০৬ চন ৷ কংগ্ৰেছ চৰকাৰৰ শাসন ব্যৱস্থা ৷মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ চলি আছিল ৷ সেই সময়ছোৱাত বিজেপিৰ দলৰ সাংগঠনিক ভেটি আছিল একেবাৰে দুৰ্বল ৷ ইফালে কংগ্ৰেছ দলৰ বিপৰীতে অগপ দলৰ স্থিতিও আছিত মজবুত ৷ দুটা বৃহৎ সাংগঠনিক শক্তি থকা দলৰ বিপৰীতে নিৰ্বাচন যুজ দিয়াটো বিজেপিৰ বাবে সিমান সহজসাধ্য নাছিল ৷ মৰণপণ সাহ গোটাই সমানে সমানে যুজ দিয়াৰ প্ৰয়াস কৰিছিল বিজেপি দলে ৷ ভয়াবহ পৰিস্থিতি আৰু কণ্টকাকীৰ্ণ পথেৰে খোজ দি সাংগাঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে প্ৰমোদ বৰঠাকুৰ , দিগন্ত ঘাটোৱাৰ , পৰেশ বৰকটকী , পোখৰাজ কুমাৰ , সুজিত ভুমিজকে ধৰি আঙুলিৰ মুৰত লিখিব পৰা নেতাৰ সহযোগত সাংগঠনিক কাম কাজ চলাই লৈ গৈছিল ৷ নিৰাশাৰ মাজতো আশাৰ ৰেঙনি দেখা এই সকল নেতাই দলীয় কামকাজত কোনো ধৰণৰ ক্ৰুটি ৰখা নাছিল ৷ অম্লান চেষ্টা আৰু দলৰ আদৰ্শ বৰ্তাই ৰাখি সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হব পৰাকৈ ২০০৬ প্ৰাৰ্থীত্ব আগবঢ়াইছিল বিজেপি দলে ৷

     

    সুযোগ্য নেতা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক দিগন্ত ঘাটোৱাৰক ২০০৬ চনত বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে বিশ্বনাথ সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰে ৷ মুষ্টিমেয় কেইজনমান নেতা তথা শুভাকাংক্ষী সকলক লৈ দিগন্ত ঘাটোৱাৰে সেইসময়ত জোৰদাৰ প্ৰচাৰ কাৰ্য চলাই ৷

    এই প্ৰচাৰ কাৰ্যত ৰাজ্যিক নেতৃত্বৰ লগতে কেন্দ্ৰীয় নেতৃত্বও কৃপনালি কৰা নাছিল দলীয় প্ৰচাৰ কাৰ্যত ৷ বিজেপি দলৰ প্ৰতাপী নেতাকে ধৰি উৰিষ্যাৰ ৰায়ৰংগপুৰৰ বিধায়িকা তথা বৰ্তমানৰ এন.ডি এ ৰাষ্ট্ৰপতি পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুয়েও দিগন্ত ঘাটোৱাৰৰ সমৰ্থনত দলীয় প্ৰচাৰ কাৰ্যৰ বাবে ঐতিহাসিক বিশ্বনাথ সমষ্টিত প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিছিল ৷

    সমষ্টিবাসী ৰাইজৰ সুখ দুখৰ খবৰ লৈ নিৰাময়ৰ বাবে যথাসম্ভৱ চেষ্টা চলাইছিল ৷ সাকোমঠা , প্ৰতাপগড় , পাভৈ , মুখৰগড় আদি বাগিচাত চাহ শ্ৰমিক ৰাইজৰ মাজত একাত্ম হৈ পৰিছিল দ্ৰৌপদী মুৰ্মু ৷ শ্ৰমিক ৰাইজৰ অভাব ,অভিযোগ , সমস্যা সমুহ বুজ লৈছিল ৷ অমায়িক সহজ সৰল মৃদুভাষী আৰু নিষ্পাপ মনৰ অধিকাৰী মুৰ্মুয়ে শ্ৰমিক সকলৰ বেদনা দুখ ভৰা দুৰ্দশা ভালদৰেই বুজি পাইছিল ৷চাহ শ্ৰমিক মহিলা সকলৰ মৰ্মবেদনা বুজা তদানীন্তন বিধায়ক গৰাকীয়ে পৰিস্থিতি সাপেক্ষে পৰিয়ালক ভালদৰে চলাই নিয়াৰ সু -দিহা পৰামৰ্শ আগবঢ়াইছিল ৷ লগতে বিজেপি দলৰ নীতি আদৰ্শক সৰোগত কৰা দেশ দহৰ হকে কাম কৰি যোৱাৰ বাবেও উদ্ধুদ্ধ কৰিছিল চাহ শ্ৰমিক সকলক ৷ আশা আৰু সপোন লৈ নিস্বাৰ্থ ভাবনাৰে দলত সহযোগ দিয়াৰ আহ্বান জনোৱা আদিবাসী নেত্ৰী গৰাকীয়ে তাহানিতেই বিজেপি দলৰ চৰকাৰ শাসনত আহিব আৰু উন্নতি আৰু প্ৰগতিৰ দিশত বাগিচা সমুহৰ এক আমুল পৰিৱৰ্তন হব বুলি ভৱিষ্যতবাণী কৰিছিল ৷ অৱশেষত আখৰে আখৰে ফলিয়ালে দ্ৰৌপদী মুৰ্মুৰ ভৱিষ্যতবানী ৷ আজি সৰ্বতোদিশে বিজেপিৰ জয়জয়কাৰ ৷ দ্ৰৌপদী মুৰ্মুক লৈ দেশ আজি গৰ্বিত ৷ অবৰ্ণনীয় দুখ বেদনাৰ মাজত জনজাতীয় মুলৰ আদিবাসী চাওঁতাল সম্প্ৰদায়ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা দ্ৰৌপদী মুৰ্মু ভাৰতৰ সাংবিধানিক দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হবলৈ গৈ আছে ৷ তেওঁৰ ব্যক্তিত্বই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে বহু বিৰোধী শক্তিয়েও মুৰ্মুৰ ব্যক্তিত্বৰ প্ৰতি আকৃষ্ট হৈ সমৰ্থন দিয়া পৰিলক্ষিত হয় ৷ জনজাতীয় মুলৰ এনে এগৰাকী মহিয়ষী নাৰী সন্মানীয় সৰ্বোচ্চ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হবলৈ যোৱা দেশবাসীৰ লগতে বিশ্বনাথবাসীয়েও ধন্য হয় ৷

    লেখক  ৰমেশ চন্দ্ৰ চৰেণ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds