বিহালীত বনৰীয়া হাতীৰ সন্ত্ৰাস ::
বিশ্বনাথ২৪জুন:
বিহালী সমষ্টিৰ বিভিন্ন স্থানত বিগত কেইবা বছৰ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাই আহিছে।
খৰালী কালত বিহালী বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা আৰু বাৰিষা কালত কাজিৰঙা ষষ্ঠ সঙযোজনৰ পৰা অহা হাতীয়ে মানুহৰ ঘৰ ভঙাৰ উপৰিও অন্যান্য খাদ্য শস্য খাই অনিষ্ট কৰাটো নতুন কথা নহয়।
আনহাতে বৃস্হপতিবাৰে পুৱতি নিশা বিহালী সমষ্টিৰ ৰাংছালী দলনী গাৱৰ উমাকান্ত খতিওৰা ঘৰত হাতী সোমাই থকা ঘৰ আৰু গোহালী ভাঙি চুৰমাৰ কৰাৰ লগতে বাৰীৰ তামোলৰ পুলিও ভাঙি অনিষ্ট কৰে বনৰীয়া হাতী জাকটোৱে।
পৰিয়ালৰ সদস্য কোনো মতে পলাই যাবলৈ সক্ষম হয়।
ইফালে ৩০/৩৫ জনীয়া এই বনৰীয়া হাতীৰ জাকে জালুকবাৰীৰ পথাৰত ধানৰ কঠীয়া খাই অনিষ্ট কৰে বুলি জানিব পৰা গৈছে।
Leave a Reply