প্ৰতিষ্ঠাপিকা আৰু সঞ্চালিকা Kishma Venture Pvt. Ltd. প্ৰতিষ্ঠাপিকা মন পখিলা, মালবিকা শইকীয়াই প্ৰতিভাবান মহিলাৰ বাবে এটা দীৰ্ঘম্যাদী বিজিনেজ ধাৰনাৰে ২০১৯ চনত প্ৰতিষ্ঠা কৰিছিল মনপখিলাক।এই মন পখিলা এতিয়া মহিলা সকলৰ একমাত্ৰ সাৰ্থি।
ব্যক্তিগত খণ্ডেৰে সৃজনীমূলক গোট গঠন কৰি বিভীন্ন প্ৰতিভাক কৰ্মক্ষম কৰিবলৈ গৱেষনা কাম কৰি আছে মহিলাৰ সাৱলীকৰনৰ বাবে।
কিশ্মা ভেঞ্চাৰ প্ৰাঃ লিঃ সংগঠনৰ অধীনত মনস্তাত্বিক তথা মানৱ সম্পদৰ অধীনত প্ৰতিষ্ঠাপিকা হিচাপে মন পখিলা নামেৰে এই সূলভ মডেলটোৰ বাবে কাম কৰি আহিছে যোৱা ২০১৯ চনৰ পৰা মন পখিলাই।
অসম তথা উত্তৰ পূৱৰ মহিলাক প্ৰতিভাৰে সৱল কৰি তেওঁলোকক স্বনিয়োজনৰ একোটা প্ৰতিভাৰ উদ্যোগীকৰনৰ আৰু তাৰ প্ৰগতিৰ বাবে নানা যোজনাৰো পৰিকল্পনা কৰি আছে।
মন পখিলাৰ লক্ষ্য হৈছে মহিলা সকলৰ বিভিন্ন প্ৰতিভাৰে কি দৰে নিজৰ উদ্যমিকা গঠন কৰিব পাৰে তাৰ বাবে বিভিন্ন প্ৰশিক্ষন প্ৰদান কৰা ব্যৱস্থা কৰি আহিছে মন পখিলাই।
এই উদ্দেশ্য আগত ৰাখি
যোৱা ১১ জুন তাৰিখে গুৱাহাটী
ৰাজ্যৰ প্ৰতিভাবান মহিলা সকলক এক দীৰ্ঘম্যাদী ব্যৱসায়িক ধাৰনাৰে লগতে ব্যক্তিগত খণ্ডেৰে সৃজনীমূলক গোট গঠন কৰি বিভীন্ন প্ৰতিভাক কৰ্মক্ষম কৰিবলৈ উৎসাহ জনোৱাৰ উদ্দেশ্যে ২০১৯চনৰ পৰাই গৱেষনামূলক ভাৱে কাম কৰি আহিছে কিশ্মা ভেঞ্চাৰ প্ৰাঃ লিঃৰ প্ৰতিষ্ঠাপক সঞ্চালিকা মালবিকা শইকীয়াই ।
একেটা সংগঠনৰ অধীনত মনস্তাত্বিক তথা মানৱ সম্পদৰ অধীনত প্ৰতিষ্ঠাপিকা হিচাপে তেওঁ মন পখিলা নামেৰে এক সুলভ মডেলৰো কাম কৰি আহিছে ।
অসম তথা উত্তৰ পূৱৰ উদ্যোগী মহিলাক প্ৰতিভাৰে সৱল কৰি বাবে অধিক উৎসাহিত কৰিবলৈ স্বনিয়োজনৰ একো – একোটা প্ৰতিভামূলক উদ্যোগী কৰনৰ আৰু তাৰ প্ৰগতিৰ বাবে নানা যোজনাৰো পৰিকল্পনা কৰি আহিছে।
এগৰাকী মহিলাৰ বাবে নানা ঘৰুৱা দ্বায়িত্বৰ মাজত উদ্যমিতালৈ ওলাই আহি তাক দীঘ্যম্যাদী যাত্ৰাত লৈ যোৱা সহজ সাধ্য নহয় তাৰ মাজত বিভিন্ন সৃষ্টি মূলক কাম কাজ কৰি সমাজলৈ বৰঙণি আগবঢ়াই আহিছে মহিলা সকলে।
তেনে কঠিন যাত্ৰাৰে নিজৰ উদ্যমিকাক প্ৰতিষ্ঠাকৰা সকলো মহিলাকে সাহস আৰু উৎসাহ দিবলৈ মন পখিলাই আৰাম্ভ কৰিছে এটা প্ৰয়াস অসম মহিলা উদ্যোগীৰ বঁটা।
এই উদেশ্যেৰে ১১জুনত গুৱাহাটী প্ৰেছ ক্লাৱত মন পখিলাৰ দ্বাৰা অনুষ্ঠিত কৰা এক অনুষ্ঠানত অসম মহিলা উদ্যোগীৰ বঁটা নামৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।
মূল চাৰিটা শাখাত প্ৰদান কৰা এই বঁটা প্ৰদান কৰা হয় বিশেষ সম্বৰ্ধনা সভাত ।
এই সভাতে বৰ্ষশ্ৰেষ্ঠ উদ্যোগী লাভলী বৰুৱা ( আগৰতলা) ব্যৱসায় তথা ব্ৰেণ্ড Fit Bird, শ্ৰেষ্ঠ গাঁৱলীয়া উদ্যোগ ,জিমলী মহন্ত ছামগুৰি নগাওঁ,
হস্ততাঁত শিল্প আৰু বেকাৰী প্ৰশিক্ষণ,
নবনীতা বৰা বিশ্বনিথ চাৰিআলি বিহালীক খাদ্য প্ৰকৰন আৰু ব্ৰেণ্ড হামছৈৱা ওপৰত বঁটা প্ৰদান কৰা লগতে শ্ৰেষ্ঠ নগৰীয়া উদ্যোগ
ডিম্পী গোস্বামী শৰ্মা গুৱাহাটী ৱেলনেচ থেৰাপী Dimpy’s Heal & Glow,)পল্লৱী হাজৰিকা গুৱাহাটী। KalaEva কলাত্মক আৰু সৃজনীমূলক
প্ৰভাৱশালী উদ্যোগ (urban)
চিত্ৰালী ফুকন গুৱাহিটী। Crafter’s Cottage 7 হস্তশিল্প প্ৰশিক্ষণ তথা উৎপাদন।
প্ৰভাৱশালী উদ্যোগ (Rural )
Yamngmila Zimik -Ukhrul – Shirin Product- Food Processing
লগতে এই বিজয়ীসকলৰ পৰা নিৰ্বাচিত কৰা হব
পেৰনাদায়ক ব্যক্তিত্ব
জিমলী মহন্ত। শ্ৰেষ্ঠ ব্ৰেণ্ডিং
FIT BIRD প্ৰতিষ্ঠাপিকা লাভলী বঁটা প্ৰদান কৰে মন পখিলা দ্বাৰা ।
আনহাতে এই অনুষ্ঠানত বিশেষ ভাবে উপস্থিত থাকি সুন্দৰ মন্তব্য আগবঢ়াই সকলোকে আহ্লাদিত কৰি তোলে অসম চৰকাৰ ইণ্ডাষ্ট্ৰী আৰু কৰ্মাচ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত নিৰ্দশক প্ৰফুল্ল কুমাৰ শইকীয়াই , কিশ্মা ভেঞ্চাৰৰ উপদেষ্টা অৰূপজ্যোতি দাস, ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত মূখ্য সঞ্চালকে।
আনহাতে অনুষ্ঠান উপস্থিত কিশ্মা ভেঞ্চাৰৰ আন এগৰাকী উপদেষ্টা তথা আই আই ই গুৱাহাটীৰ উদ্যোগ সম্প্ৰসাৰনৰ মূখ্য বিষয়া
ড° শ্ৰিপৰ্না বি বৰুৱাই মহিলা সকলৰ সবলিকৰণ ওপৰত বক্তব্য প্ৰদান কৰে।
বিশিষ্ট ব্যক্তি হিচাপে NEDFI মহা প্ৰৱন্ধক PVSLN Murthy আৰু উত্তৰপূৱ খাদী গ্ৰামোদ্যোগৰ উপ মহাপ্ৰৱন্ধক ড° সুকুমল দেব, DIC কামৰূপ মহানগৰ জেনেৰেল মেনেজাৰ উমেশ কুমাৰ আৰু ডিজিএম নেডফী মনোজ কুমাৰ দাস উপস্থিত আছিল অনুষ্ঠানত।
সমগ্ৰ উত্তৰ পূবাঞ্চলৰ মহিলা উদ্যোগীসকলক উৎসাহিত আৰু উন্নত কৰিবলৈ মন পখিলাই আৰাম্ভ কৰা এই প্ৰয়াসক ভৱিষ্যতলৈ এটা মাইলৰ খুঁটি হৈ ৰব বুলিও মন্তব্য কৰে বুলি জানিবলৈ দিছে মন পখিলাৰ প্ৰতিষ্ঠাপক সঞ্চালিকা মালবিকা শইকীয়াই।
Leave a Reply