“ভাল মানুহক সমাজে যুগে যুগে সন্মান কৰি আহিছে ।”—ৰমানাথ বৰুৱা
■ নলবাৰী : ‘‘অসমীয়া জাতি, সভ্যতা, ভাষা, সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত বহু লোকৰ অৱদান আছে । তেওঁলোক আচলতে ভগৱান তুল্য । সমাজত বহু ভাল মানুহে এতিয়াও ভাল কাম কৰি আছে । তেনে ভাল মানুহক সমাজে যুগে যুগে স্মৰণ কৰি আহিছে আৰু ভৱিষ্যতলৈও স্মৰণ কৰি থাকিব ।”— এই মন্তব্য বিশিষ্ট সাহিত্যিক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমানাথ বৰুৱাৰ । নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি–নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী আৰু সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ স্মৃতি দিৱসত মুখ্য অতিথি হিচাপে ভীগ লৈ তেওঁ নলবাৰীৰ দুয়োগৰাকী বৰেণ্য ব্যক্তিৰ কৰ্ম জীৱনৰ বিষয়ে আলোকপাত কৰে । সাহিত্যৰ ক্ষেত্ৰখনত ত্ৰৈলোক্যনাথ গোস্বামী আৰু হৰিনাৰায়ণ দত্ত বৰুৱা সদায় সজীৱ হৈ থাকিব বুলি উল্লেখ কৰি সাহিত্যিক বৰুৱাই নলবাৰীৰ মানুহে ভাল মানুহক সদায় স্মৰণ কৰি থাকে বুলিও কয় । দেৱীৰাম পাঠশালাৰ শ্ৰীগুৰু ভৱনত অনুষ্ঠিত আৰু নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৌৰোহিত্যত আয়োজিত সভাখনৰ আদিতে আদৰণি ভাষণ প্ৰদান কৰে দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাই । দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ নামত আয়োজিত অনুষ্ঠানৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ।





